Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

Electronic :

ভাৰতত বিদ্যুৎচালিত যান-বাহনৰ জনপ্ৰিয়তা আৰু চাহিদা দিনক দিনে বৃদ্ধি পাইছে । বিগত দুবছত দেশত বৈদ্যুতিক বাহনৰ বিক্রী যথেষ্ট বৃদ্ধি পালে।

যান- বাহন ব্যৱসায় বিশেষজ্ঞই প্রকাশ কৰা অনুসৰি, পেট্ৰ’ল আৰু ডিজেলৰ দৰে ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিৰ ফলত এতিয়া বিকল্প ইন্ধনচালিত বাহন হিচাপে বৈদ্যুতিক গাড়ী আৰু দুচকীয়া বাহনৰ চাহিদা দেশজুৰি বৃদ্ধি পাইছে ।

২০৩০ বৰ্ষলৈকে ভাৰতত বিদ্যুৎচালিত যান-বাহনে মুঠ বজাৰৰ ৩০ শতাংশ দখল কৰাৰ সম্ভাৱনা আছে । ২০২২ বৰ্ষত দেশত বৈদ্যুতিক যান-বাহনৰ বিক্ৰীয়ে অভিলেখ ৰচিলে।

২০২২-২৩ বিত্তীয় বৰ্ষত ভাৰতত বৈদ্যুতিক বাহনৰ বিক্ৰী যথেষ্ট বৃদ্ধি পালে । পৰিসংখ্যা অনুসৰি, পহিলা এপ্রিল ২০২২ৰ পৰা ন ডিচেম্বৰৰ সময়ছোৱাত দেশত মুঠ ৪.৪৩ লাখ বৈদ্যুতিক যান-বাহন বিক্ৰী হৈছিল ।

স্বদেশী বৈদ্যুতিক বাহন নির্মাতাৰ লগতে সম্প্ৰতি ভাৰতৰ বজাৰত কে’বাটাও বৈদ্যুতিক যান-বাহন নিৰ্মাতাই গাড়ী আৰু দুচকীয়া, তিনিচকীয়া বাহন বিক্ৰীৰ বাবে আগবঢ়াইছে চৰকাৰেও । বৈদ্যুতিক বাহন ক্ৰয়ৰ বাবে দেশবাসীক উৎসাহিত কৰিছে ।

আগন্তুক সময়ত আগশাৰীৰ অট’ম’বাইল কোম্পানীয়ে নতুন ম’ডেলৰ বৈদ্যুতিক গাড়ী বজাৰত সংযোজন কৰিলে ভাৰতত বিকল্প ইন্ধনচালিত এনে গাড়ীৰ চাহিদা আৰু বিক্ৰী বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা আছে ।

শেহতীয়াভাৱে বিভিন্ন ৰাজ্যৰ চৰকাৰে বিদ্যুৎচালিত বাছসেৱা প্ৰৱৰ্তনতো গুৰুত্ব দিছে । প্রতিবেদনৰ তথ্য অনুসৰি, বর্তমানে দেশত কমেও ৩,০০০ খনৰো অধিক বৈদ্যুতিক বাছ চলাচল কৰি আছে ।

আগন্তুক এবছৰত দেশত বিদ্যুৎচালিত বাছৰ সংখ্যা ৭,০০০ লৈ বৃদ্ধি কৰাৰ পৰিকল্পনা চৰকাৰে গ্ৰহণ কৰিছে ।

Exit mobile version