Dhing Firing :
৭৪ সংখ্যাক গণৰাজ্য দিৱসৰ আনন্দ উছাহৰ মাজতে নগাঁৱৰ ধিঙৰ উধানতলাত সংঘটিত হয় এক গুলীয়াগুলীৰ ঘটনা ।
ৱাহিদুৰ ইছলাম নামৰ যুৱক এজনক গুলীচালনা দুই যুবকৰ । আহত ৱাহিদুৰৰ ভাষ্য অনুসৰি গুলীচালনা কৰা দুই যুৱক তেওঁৰ চিনাকি ৷ দুয়োৰে নাম ৰাহুল আৰু ছামিম আখতাৰ ৷ গুলীচালনা কৰিয়ে পলায়ন কৰে দুই যুৱকে ৷
আনহাতে গুলীবিদ্ধ ৱাহিদুৰক স্থানীয় লোকে ততাতৈয়াকৈ ভৰ্তি কৰায় নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত । সম্প্ৰতি আহত ৱাহিদুৰ বিপদমুক্ত বুলি জানিব পৰা গৈছে চিকিৎসালয় সূত্ৰে ৷
প্ৰাপ্ত খবৰ মতে ৰাহুল আৰু ছামিম নামৰ দুই দুৰ্বৃত্তই এখন বাইকত আহি সেই সময়ত পথাৰত কাম কৰি থকা ৱাহিদুৰক তেওঁৰ কণমানি জীয়ৰীৰ সমুখতে এটা ৯ এম এম পিষ্টলেৰে গুলীয়াই থৈ সেই স্থান ত্যাগ কৰে ৷ মুখত আৰু কঁকালত গুলীয়ে আঘাত কৰে ৱাহিক।
কি কাৰণত ৱাহিদুৰক গুলীয়ালে এই পৰ্যন্ত জানিব পৰা নাই ৷ গুলীচালনা ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত ধিং আৰু ডুমডুমা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা দুটা খালী কাৰ্টিজ,এটা সক্ৰিয় গুলী আৰু এটা ম’বাইল উদ্ধাৰ কৰি অব্যাহত ৰাখিছে তদন্ত ৷
লোমহৰ্ষক গুলীচালনা ঘটনাৰ পাছতে ধিং আৰু ডুমডুমা আৰক্ষীয়ে দুই দুৰ্বৃত্তৰ সন্ধানত মাৰাথন চলোৱাৰ মাজতে আজি আৰক্ষীৰ জালত পৰে গুলীচালনা কৰা দুই দুৰ্বৃত্ত ৷
গুলীচালনা ঘটনাৰে জড়িত ২ যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ পিষ্টলসহ গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত দুটা হ’ল ৰাহুল আমীন আৰু ছামীম আকতাৰ। দুয়োজন যুৱক উচ্চতৰ মাধ্যমিকৰ ছাত্র । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ধৃত দুই যুৱকক অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷