Govt Vehicles:পোন্ধৰ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী বাহন ৰাজপথৰ পৰা বিদায় !

এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰ্দেশনা

WhatsApp Image 2023 01 27 at 6.59.19 PM

Govt Vehicles:

১৫ বছৰ অতিক্ৰম কৰা চৰকাৰী বা অৰ্ধ চৰকাৰী সকলোবোৰ বাহন বিদায় দিয়াৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰি চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় পথ পৰিবহন বিভাগে ১৫ বছৰ সম্পূৰ্ণ কৰা চৰকাৰী বাহন সমূহ ৰাজপথত চলাচল কৰাৰ পৰা বিৰত ৰখাৰ সমান্তৰালভাৱে বাহন সমূহৰ পঞ্জীয়ন ম্যাদ পুনৰ নৱীকৰণ নকৰাৰ সিদ্ধান্ত লৈছে ৷

উল্লেখ্য যে ,দেশৰ ৰাজপথৰ পৰা পুৰণি বাহন আৰু প্ৰদূষণ সৃষ্টিকাৰী সকলোবোৰ বাহন ৰাজপথত নচলোৱাৰ বাবে বিশেষ নীতি গ্ৰহণ কৰিছিল বিগত বৰ্ষৰ নৱেম্বৰ মাহত ৷

এই সন্দৰ্ভত কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ আৰু পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে বিশেষ উদ্যোগ লৈছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগটোৱে লোৱা নতুন নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰ,কেন্দ্ৰীয় চৰকাৰ,নিগম- নিকায়ৰ অধীনস্থ সকলোবোৰ চৰকাৰী সন্থাৰ বাহন সমূহ যদি ইতিমধ্যে ১৫ বছৰ অতিক্ৰম কৰিছে ৷

তেন্তে এই বাহন সমূহ ৰাজপথত চলাচল বন্ধ হ’ব ৷ মনকৰিবলগীয়া যে দেশৰ প্ৰতিৰক্ষা,আইন -শৃংখলা বা আভান্তৰিন সুৰক্ষাৰ স’তে জড়িত বাহন সমূহক এই নিয়মৰ পৰা আঁতৰাই ৰখা হৈছে ৷

বজাৰত নতুন গাড়ীৰ চাহিদা বৃদ্ধি কৰাৰ ক্ষেত্ৰত গাড়ী নিৰ্মাণ কোম্পানী সমূহক উৎসাহিত কৰিবৰ বাবেই এই নিয়ম কৰা হৈছে বুলি জানিব পৰা গৈছে ।

স্মতৰ্ৱ্য যে পৰ্যায়ক্ৰমে ২০২৪ বৰ্ষৰ পৰা ব্যক্তিগত আৰু বানিজ্যিক বাহন সমূহকো পোন্ধৰ বছৰ সম্পূৰ্ণ কৰা আঁচনি খনৰ অধীনত ৰাজপথত চলাচল বন্ধ কৰাৰ নিয়ম কাৰ্যকৰী কৰাৰ চিন্তাচৰ্চা কৰিছে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে ৷

Exit mobile version