Guwahti Basistha Rape Case:গোৰেশ্বৰৰ পৰা যুৱতী অপহৰণ

১০ যুৱকৰ গণ ধৰ্ষণৰ বলী অপহ্ত যুৱতী,অচেতন অৱস্থাত বশিষ্টৰ ৰাজপথত উদ্ধাৰ ভূক্তভোগী যুৱতীৰ

WhatsApp Image 2023 01 27 at 4.23.10 PM 1

Guwahti Basistha Gangrape Case :

গণৰাজ্য দিৱসৰ নিশা মহানগৰীত সংঘটিত হয় এক জঘন্য ঘটনা ৷ দলবদ্ধ গণ ধৰ্ষণৰ বলি এগৰাকী অসহায় যুৱতীৰ ৷ বৃহস্পতিবাৰে নিশা মহানগৰীত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

প্ৰাপ্ত অভিযোগ মতে, বৃহস্পতিবাৰে নিশাভাগত দহজনীয়া এটা যুৱকৰ দলে গোৰেশ্বৰৰ হাতীবন্ধা অঞ্চলৰ পৰা এগৰাকী অপহৰণ কৰে।

অপহ্ত যুৱতী গৰাকীক পাছত বলপূৰ্বক নিচাযুক্ত টেবলেট খুৱাই দলধৰ্ষণ কৰি মহানগৰীৰ বশিষ্ঠৰ ইন্দিৰা নগৰ ৰাজপথৰ দাঁতিত পেলাই থৈ যায়।

পাছত স্থানীয়লোকে অচেতন যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে চিকিৎসকৰ জৰিয়তে চিকিৎসাৰ অন্তত কিছু সুস্থতা অনুভৱ কৰে বুলি জানিব পৰা গৈছে ৷

আনহাতে বশিষ্ট আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা যুৱতীৰ গৰাকীৰ ভাষ্য গ্ৰহণ কৰি ইতিমধ্যে ধৰ্ষণকাৰী যুৱকৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

একেদৰে ভূক্তভোগী যুৱতী গৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই ৷

Exit mobile version