India Today-C Voter Survey:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সমীক্ষাত দিল্লীত পুনৰ বিজেপি !

ইণ্ডিয়া টুডে- চি ভোটাৰ সমীক্ষাত প্ৰকাশ

WhatsApp Image 2023 01 27 at 3.41.14 PM

India Today-C Voter Survey:

দেশৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এটা বৰ্ষ থকা অৱস্থাত ইতিমধ্যে ৰাজনৈতিক দলবোৰৰ মাজত আৰম্ভ হৈছে ব্যাপক কুজকাৱাজ  ৷ শাসকীয় বিজেপিয়ে তৃতীয়বাৰৰ বাবে দিল্লীৰ মনচদ দখল কৰিবৰ বাবে এতিয়াৰ পৰাই আৰম্ভ কৰিছে ব্যাপক ৰণকৌশল ৷

ইণ্ডিয়া টুডে- চি ভোটাৰ সমীক্ষাত অসমত বিজেপি মিত্ৰজোঁটৰ ব্যাপক অগ্ৰগতিৰ ইংগিত। ৰাজ্যৰ মুঠ ১৪ খন আসনৰ ভিতৰত ১২ খনেই বিজেপি আৰু ইয়াৰ মিত্ৰদলে দখলৰ ইংগিত দিয়ে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ গোষ্ঠীটোৱে ৷

উল্লেখ্য যে ২০১৯ ৰতকৈ ২০২৪ ত শাসকীয় বিজেপি দলটো যথেষ্ট লাভাম্বিত হোৱাৰ ইংগিত দিয়ে ইণ্ডিয়া টুডে- চি ভোটাৰে ৷ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীটোৰ সমীক্ষা অনুযায়ী বিজেপি- মিত্ৰদলে ২৯৮ খন আসনেৰে পুনৰ কেন্দ্ৰত চৰকাৰৰ ইংগিত।

মনকৰিবলগীয়া যে,মমতা বেনাৰ্জী পশ্চিমবংগত বিজেপিয়ে ২০ খন আসন লাভৰ ইংগিত দিয়ে ইণ্ডিয়া টুডে-চি ভোটাৰে ৷
একেদৰে উত্তৰ ভাৰতৰ অন্যতম হিন্দী বলয়ৰ ৰাজ্যত বিজেপিৰ ৰাজকীয় উদ্থানৰ ইংগিত দি দলটোৱে ৭০ খন আসন লাভৰ সম্ভাৱনা ব্যক্ত চি ভোটাৰৰ ৷

আনহাতে ইউ পি এ-ৰ পুৰ্বতকৈ বৃদ্ধি পাব আসনৰ সংখ্যা ১৫৩ খন আসনৰ লাভৰ ইংগিত ইণ্ডিয়া টুডে- চি ভোটাৰৰ ৷

Exit mobile version