Mizoram Landslide :মিজোৰামত ভয়ংকৰ ভূমিস্খলনত সমাধিস্থ তিনি শ্ৰমিক

পথ নিৰ্মাণত নিয়োজিত আছিল শ্ৰমিক

WhatsApp Image 2023 01 27 at 11.55.23 AM 1

Mizuoam Landslide :

চুবুৰীয়া পাৰ্বত্য ৰাজ্য মিজোৰামত ভয়ংকৰ ভূমিস্খলন ৷ ভূমিস্খলনত সমাধিস্থ তিনিজনকৈ শ্ৰমিক ৷ খাউজাউলৰ চেলিং- চাম্ফাই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি থকা সময়তে হঠাতে পাহাৰৰ মাটি খহি পৰিল ৷

পাহাৰৰ পৰা অহা শিল- মাটিত পোত গৈ থিতাতে নিহত হয় তিনি শ্ৰমিক ৷ অৱশ্যে কথমপি ৰক্ষা পৰে কৰ্মৰত এজন শ্ৰমিক ৷

নিহত শ্ৰমিক কেইজন পশ্চিমবংগৰ অলক মণ্ডল ,প্ৰেম কুমাৰ মণ্ডল আৰু ৰতন মণ্ডল ৷ নিহত দুজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে প্ৰেম কুমাৰ মণ্ডল মৃতদেহ উদ্ধাৰ হোৱা নাই এই পৰ্যন্ত ৷

ভয়াৱহ ভূমিস্খলন সংঘটিত হোৱাৰ পাছতে এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷

Exit mobile version