Appointment : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাস্থ্য আৰু গৃহ বিভাগৰ ১২০৮টা পদৰ নিযুক্তি পত্ৰ প্ৰদান

ed429ac9 b090 404b ac85 9d7b3225ebff

Appointment :

এক লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যৰে আজি ৰাজ্য চৰকাৰে প্ৰদান কৰে নিযুক্তি পত্ৰ ৷ মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ সমূহ বিতৰণ কৰে ৷

সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,এক লাখ চৰকাৰী পদত নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ দিশত ক্ৰমাগতভাৱে অগ্ৰসৰ হৈ ৰাজ্য চৰকাৰে আজি নিযুক্তি পত্ৰ বিতৰণ কৰে৷ আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ মুঠ ১,২০৮গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে৷ ইয়াৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১,১৩৬গৰাকী প্ৰাৰ্থী আৰু গৃহ আৰু ৰাজনৈতিক বিভাগত ৭২গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পত্ৰ লাভ কৰিছে৷

আজিৰ এই নিযুক্তিৰ ফলত ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ড আৰু গৃহ বিভাগে এক বিশেষ গতি লাভ কৰিব৷ নিযুক্তি প্ৰাপ্ত ষ্টাফ নাৰ্ছসকলক মাৰ্জিত ব্যৱহাৰ, কৰ্তব্যপৰায়ণতাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, অসম চৰকাৰৰ ১ লাখ নিযুক্তি প্ৰক্ৰিয়াৰ অংশ এই নিযুক্তি প্ৰক্ৰিয়া। বৰ্তমানলৈকে ৪১৭১০টা পদত নিযুক্তি দিছে অসম চৰকাৰে৷

অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা, আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিৰজ বৰ্মা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক ড° লক্ষ্মীপ্ৰিয়া প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Exit mobile version