G p Singh Appointed As G p Singh:
ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ চাকৰিৰ কাৰ্যকাল অন্ত পৰিব চলিত মাহৰ ৩১ জানুৱাৰীত ৷ ৰাজ্যৰ নতুন ডি জি পি কোন হ’ব এই সম্পৰ্কত ব্যাপক চৰ্চা চলি থকাৰ মাজতে আজি ৰাজ্য চৰকাৰে অসম আৰক্ষীৰ নতুন ডি জি পি হিচাপে নিযুক্তি দিয়ে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা জ্যেষ্ঠ আই পি এছ বিষয়া জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক ৷
ADVERTISEMENT
উল্লেখ্য যে,আৰক্ষী বিভাগৰ পৰা ডিজি পিৰ বাবে কেইবাটাও নাম প্ৰস্তাৱ কৰা হৈছিল গৃহ বিভাগলৈ। অৱশেষত মুখ্যমন্ত্ৰীয়ে অনুমোদন জনায় ১৯৮৮ ৰ বেটচৰ আই পি এছ বিষয়া জি পি সিংৰ নাম ৷