Nagalend Mla Imkong L Imchan Resigned: নাগালেণ্ডৰ শাসকীয় এন ডি পি পি বিধায়কৰ দলত্যাগ

বিধায়ক ইমকং এল ইমচেনৰ বিজেপিত যোগদানৰ ইংগিত 

WhatsApp Image 2023 01 28 at 5.03.05 PM

Nagalend Mla Imkong L Imchan Resigned:

বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা লগে লগে প্ৰতিবেশী ৰাজ্য নাগালেণ্ডত শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুজকাৱাজ ৷ ইয়াৰ মাজতে আৰম্ভ হৈছে দলত্যাগৰ ঢৌ।

শাসনাধিষ্ঠ এন ডি পি পি দলৰ জ্যেষ্ঠ নেতা তথা ২৮ নং কোৰিডাং বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ইমকং এল ইমচেনে নাগালেণ্ড বিধানসভাৰ বিধায়ক পদৰ পদত্যাগ কৰাৰ লগতে ত্যাগ কৰিছে এন ডি পি পি দল

২০০৩ চনৰ পৰা বৰ্তমানলৈকে বিধায়ক হিচাপে আছিল ইমচেন ৷ উল্লেখ্য যে বিগত বৰ্ষৰ এপ্ৰিল মাহত শাসনাধিষ্ঠ এন ডি পি পিৰ স’তে একত্ৰিত হোৱা এন পি এফৰ ২১ বিধায়কৰ এজন আছিল ইমচেন ৷

মনকৰিবলগীয়া যে দলত্যাগ কৰা ইমকং এল ইমচেনে বিজেপিত যোগদানৰ ইংগিত দিয়ে ৷ দুই এদিনৰ ভিতৰত সদ্য ত্যাগি বিধায়কজনে বিজেপিত যোগদান কৰিব বুলি ক’হিমাৰ বিজেপি সূত্ৰ এটিয়ে জানিব দিয়ে ৷

 বিজেপিয়ে ইতিমধ্যে তেওঁক দলীয় টিকট দিয়াৰ নিশ্চিত প্ৰদান কৰিছে বুলি দলীয় সূত্ৰত প্ৰকাশ।

Exit mobile version