Singer Nilotpal Bora  : মুম্বাইত প্ৰতিষ্ঠিত অসমীয়া শিল্পী নিলোৎপল বৰালৈ ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটা

2b44f31e 65cc 4eb7 9c2a 6d1228cd2948 1

Singer Nilotpal Bora  :

মুম্বাইৰ সংগীত ক্ষেত্ৰখনত স্বপ্ৰতিভাই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা জনপ্ৰিয় কন্ঠশিল্পী নিলোৎপল বৰালৈ চলিতবৰ্ষৰ বাবে ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰ বাবে মনোনিত কৰে গুৱাহাটীৰ আৰোহণ ন্যাসে৷

ড: ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত গঠিত আৰোহণ ন্যাসে অহা ২০ ফেব্ৰুৱাৰীত এই বঁটাটি আনুষ্ঠানিকভাৱে প্ৰদান কৰিব শিল্পী গৰাকীক ৷

উল্লেখ্য যে , বটাঁটিত আছে নগদ ২৫ হেজাৰ টকা,গামোচা,অংগবস্ত্ৰ,মানপত্ৰ,স্মাৰকৰ লগতে কিতাপৰ টোপোলা। শিল্পী নিলোৎপল বৰাৰ পূৰ্বে ড: ভবেন্দ্ৰ নাথ শইকীয়া বঁটা দিয়া হৈছিল কন্ঠশিল্পী অনিন্দিতা পাল,কবি মণিকা দাসক ।

Exit mobile version