Petrol Price Hikes in Pakistan : পাকিস্তানত বৃদ্ধি পালে ইন্ধনৰ মূল্য

1674991625 pakistan

Petrol Price Hikes in Pakistan :

দীৰ্ঘদিন ধৰি অৱনতি ঘটিছে পাকিস্তানৰ অৰ্থনীতি । ডলাৰৰ হিচাপত তেওঁলোকৰ মুদ্ৰাৰ মূল্য হ্ৰাস হৈ আছে। ইন্ধনৰ নাটনি হোৱা বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

ইয়াৰ মাজতে, বৃদ্ধি পালে ইন্ধনৰ মূল্য । পাকিস্তানত, পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৫ টকা বৃদ্ধি হৈছে। পাকিস্তানৰ বিত্ত মন্ত্ৰী ইছাক দাৰে জনাইছে , শক্তি আৰু গেছ নিয়ন্ত্ৰক সংস্থাৰ পৰামৰ্শ অনুসৰি এই মূল্য বৃদ্ধি কৰা হৈছে ।

দেশবাসীয়ে আগতেই আশংকা কৰিছিল যে মূল্য বৃদ্ধি হ’ব পাৰে। গতিকে শনিবাৰৰ পৰা পেট্ৰ’ল পাম্পৰ সন্মুখত দীঘলীয়া শাৰী ।

ছ’চিয়েল মিডিয়াত, নাগৰিকসকলে আশংকা প্ৰকাশ কৰিছে যে এক ফেব্ৰুৱাৰীৰ পৰা ইন্ধনৰ মূল্য বৃদ্ধি পাব। প্ৰতি লিটাৰত মূল্য ৪০-৮০ টকা বৃদ্ধি হ’ব পাৰে। সেই আশংকা সত্য কৰি প্ৰতি লিটাৰত দাম ৩৫ টকালৈ বৃদ্ধি পালে ।

পাকিস্তানী মুদ্ৰা ডলাৰৰ হিচাপত হ্ৰাস পাইছে। বৈদেশিক মুদ্ৰা পুঁজি ৩৬৮ কোটি ডলাৰলৈ হ্ৰাস পাইছে। অৰ্থনীতিবিদসকলে অনুমান কৰে যে এই পৰিস্থিতিত, পাকিস্তানে আৰু তিনি সপ্তাহৰ বাবে বিদেশৰ পৰা সামগ্ৰী আমদানি কৰিবলৈ সক্ষম হ’ব।

যদি আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে (আইএমএফ) এতিয়া ১০০ কোটি ডলাৰ অনুদান নিদিয়ে, তেওঁলোক সমস্যাত পৰিব। বন্ধ হ’ব পাৰে ইন্ধন আমদানিও । ইতিমধ্যেই দেশখন খাদ্যসংকটত ভুগিছে । আটাৰ মূল্য আকাশলংঘী।

Exit mobile version