Bharat Jodo Yatra : তুষাৰপাতৰ মাজতে ৰাহুলৰ ‘ ভাৰত জোড়ো যাত্ৰা ‘ৰ সমাপ্তি অনুষ্ঠান

1675066234 rahul

Bharat Jodo Yatra :

সোমবাৰে শ্ৰী নগৰত আনুষ্ঠানিকভাৱে সমাপ্ত হ’ব কংগ্ৰেছৰ ১৩৫ দিনীয়া এই ‘ ভাৰত জোড়ো যাত্ৰা ‘ ৰ কাৰ্যসূচী । সোমবাৰে শ্ৰীনগৰত হ’ব। ৰাহুলৰ নেতৃত্বত চলা এই পদযাত্ৰা উপস্থিত হ’ব শ্বেৰ-ই-কাশ্মীৰ ক্ৰিকেট ষ্টেডিয়ামত ।

কংগ্ৰেছৰ এই যাত্ৰাৰ সামৰণি অনুষ্ঠানত কেবাটাও বিৰোধী দলে অংশগ্ৰহণ কৰে। কংগ্ৰেছে ‘ভাৰত জোড়ো যাত্ৰা’ৰ সামৰণি অনুষ্ঠানৰ বাবে ২১ টা বিৰোধী দলক আমন্ত্ৰণ জনাইছে। ফলত, ৰাহুলৰ ‘ভাৰত জোড়ো যাত্ৰা’ৰ সামৰণি অনুষ্ঠানৰ মঞ্চত দেখা যায় বিৰোধী ঐক্যৰ ছবি ।

অৱশ্যে, তৃণমূল, সমাজবাদী পাৰ্টি আৰু টিডিপিৰ দৰে বিৰোধী দলসমূহে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা নাই । আজি কংগ্ৰেছৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় সন্মিলনৰ নেতা ফাৰুক আব্দুল্লা আৰু পিডিপি নেতা মেহবুবা মুফতী । তুষাৰপাতৰ মাজতে ভাষণ দিলে প্ৰিয়ংকা গান্ধীয়েও ।

বিগত বৰ্ষৰ সাত ছেপ্টেম্বৰৰ পৰা কন্যাকুমাৰীৰ পৰা আৰম্ভ হৈছিল ৰাহুলৰ যাত্ৰা আৰু সেই কাৰ্যসূচী আজি সমাপ্ত হয়। কংগ্ৰেছ নেতৃত্বই দাবী কৰে যে ‘ভাৰত জোড়ো যাত্ৰা’ই ভাল সঁহাৰি লাভ কৰিছে। সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহে ৰাহুলৰ স’তে খোজ কাঢ়িছিল। বিশিষ্ট লোকসকলেও যোগদান কৰে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ কাৰ্যসূচীয়ে ৰাজনৈতিক ক্ষেত্ৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।

আজি পুৱাৰ পৰাই শ্ৰীনগৰত তুষাৰপাত হৈছে । ফলস্বৰূপে, কংগ্ৰেছৰ পদযাত্ৰা ব্যাহত হোৱাৰ আশংকা আছে। যদিও, পুৱা বৰফৰ স’তে খেলি থকা দেখা যায় ৰাহুল আৰু প্ৰিয়ংকাক ।

ভায়েক আৰু ভনীয়েকৰ বিভিন্ন ছবি পোহৰলৈ আহিছে। কংগ্ৰেছৰ কাৰ্যসূচীৰ অন্তিম দিনটোত উপত্যকাত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।

Exit mobile version