Pakistan : পাকিস্তানৰ মছজিদত আত্মঘাতী বিস্ফোৰণ , ২৮ জন মৃত্যু, বহুলোক আহত

1675070494 mosque

Pakistan :

পাকিস্তানৰ পেছাৱাৰৰ সংঘটিত হৈছে আত্মঘাতি বোমা বিস্ফোৰণ । বিস্ফোৰণটোত ২৮ জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। আহত সংখ্যা কমেও ১৫০ জন ।

প্ৰাপ্ত তথ্য অনুসৰি, বিস্ফোৰণৰ প্ৰভাৱৰ ফলত মছজিদৰ এটা অংশ খহি পৰে। বহুতলোক ধ্বংসাশেষৰ তলত থকা বুলি অনুমান কৰা হৈছে । য’ত বহুতো লোক মৃত্যু হোৱাৰ লগতে আহতও হৈছে ।

বিস্ফোৰণটো পুলিচ লাইন মছজিদৰ ভিতৰত সংঘটিত হৈছিল আৰু সেই সময়ত সেই ঠাইত এটা বিশাল জনসমাগম হৈ আছিল।

প্ৰাপ্ত তথ্য অনুসৰি,প্ৰাৰ্থনাৰ সময়ত আত্মঘাতী বোমাৰুজন সন্মুখৰ শাৰীত আছিল। এই সময়ছোৱাত, তেওঁ নিজকে উৰুৱাই দিয়ে, যাৰ ফলত প্ৰাৰ্থনা কৰা বহু ভক্ত আহত হৈছিল

Exit mobile version