Assam Sahitya Sabha :অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পুৰ্ণাঙ্গ অধিৱেশন

উখল মাখল নাৰায়ণপুৰৰ মনিকাঞ্চন ক্ষেত্ৰ

WhatsApp Image 2023 02 01 at 7.44.55 PM

Assam Sahitya Sabha :

আজিৰে পৰা পাচঁদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নাৰায়ণপুৰৰ বৰখামতি পথাৰস্থিত মনিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ৭৬ সংখ্যক পূৰ্ণাংগ অধিৱেশন

কাৰ্যসূচী অনুসৰি বজাত পুৱা ৯ বজাত মাজুলীৰ শ্ৰীশ্ৰীউত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে মনিকাঞ্চন ক্ষেত্ৰৰ নামঘৰ উদ্বোধন কৰাৰ পাছত বন্তি প্রজ্জ্বলন কৰে ধুৱাহাট বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে ।

৯.৩০ বজাত মেডাম-মে-ফি উপলক্ষে পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ কৰে আদৰণি সমিতিৰ সভাপতি ড° অমিয় কুমাৰ ভূঞাই ।

১০.৩০ বজাত শিক্ষাবিদ গিৰিশ চন্দ্ৰ ভূঞাই মণিকাঞ্চন ক্ষেত্রৰ মুখ্য আদৰণী দ্বাৰ উদ্ঘাটন কৰাৰ পাছতে ১১ বজাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অস্থায়ী কাৰ্যালয় আৰু আদৰণি সমিতিৰ কাৰ্যালয় উদ্বোধন কৰে ক্ৰমে ড° অমিয় ভূঞা আৰু প্ৰাক্তন বিধায়ক কেশৰাম বৰাই ৷

বিয়লি ১ বজাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে গ্ৰন্থ মেলাৰ দ্বাৰ উদ্ঘাটন কৰে ৷ তেওঁ সাহিত্য সভাৰ অধিৱেশনৰ সফলতা কামনা কৰাৰ লগতে সকলোকে সাহিত্য সভালৈ আহিবলৈ আহ্বান জনাই ৷

ইয়াৰ পিছতে উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়াই বাণিজ্যমেলাৰ দ্বাৰ উদ্ঘাটন কৰাৰ পাছতে ধেমাজী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক নেওগে বিজ্ঞানমেলাৰ দ্বাৰ উদ্ঘাটন কৰে ৷

ইপিনে বিয়লি ১ বজাত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ অষ্টম পূর্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা ৷ বিয়লি ২ বজাত লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে প্রতিনিধি শিবিৰ মুকলি কৰে ।

৩ বজাৰ পৰা মুল মঞ্চত আকাশ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে ৷

তেওঁ মহিলা সবলীকৰণৰ সম্পৰ্কত বক্তব্য আগবঢ়াই । আনহাতে গ্ৰন্থ মেলা মঞ্চত অনুষ্ঠিত হোৱা কথা-সাহিত্য সন্মিলন উদ্বোধন কৰে সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই ৷

সন্মিলন খন সঞ্চালনা কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তানচেং খাংকেউয়ে ৷ গ্ৰন্থ মেলা উপসমিতিৰ সভাপতি দুলাল মহন্তই আতঁ ধৰা অনুষ্ঠানত সাহিত্য একাডেমি বটাঁ প্ৰাপক ডা° অপুৰ্ব শইকীয়া,আৰু অধ্যাপক অৰবিন্দ ৰাজখোৱাই আলোচক হিচাবে অংশগ্ৰহণ কৰে ৷

অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীৰ আৰম্ভণিতে ৭৬ গৰাকীকৈ মহিলাই পৰিৱেশন কৰা সমবেত সংগীতে সকলোকে আকৰ্ষণ কৰে ৷ অধিৱেশন স্থলিত আজিৰ দিনটোত উপস্থিত হৈছেহি বিভিন্ন প্ৰান্তৰ তিনি হেজাৰ প্ৰতিনিধি ৷

 লোকে লোকাৰণ্য হৈ পৰিছে মনিকাঞ্চন ক্ষেত্ৰ ৷ গ্ৰন্থ মেলা স্থলীৰ লগতে বাণিজ্য মেলাত যথেষ্ট ৰাইজৰ ভিৰ পৰিলক্ষিত হয় । সাংস্কৃতিক মঞ্চটো বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনে ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছে ৷

ইপিনে অধিৱেশনলৈ আগমন ঘটা ৰাইজক শুশ্ৰূষা কৰিবৰ বাবে আদৰণি সমিতিয়ে সকলো প্ৰস্তুতি কৰা স্বত্বেও নাৰায়ণপুৰবাসী ওলাই আহিছে অতিথি সকলক শুশ্ৰূষা কৰিবৰ বাবে ৷

নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮৪ বৰ্ষৰ ছাত্ৰছাত্ৰী সকলে পানী আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবৰ বাবে সকাহ নামৰ এটা কাৰ্যালয় নাৰায়ণপুৰত স্থাপন কৰি অতিথি সকলৰ বাবে সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰিছে ৷ সন্ধিয়া ৭ বজাত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷

Exit mobile version