Dispur : মহানগৰীৰ দিছপুৰ বিধায়ক কলনিৰ সমীপত অঘটন !

মাতৃ–পুত্ৰক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

95004601 87f0 4e40 a7f9 35ef7d706b6c

Dispur :

ৰাজ্যৰ অভেদ্য দুৰ্গ ৰূপে পৰিচিত দিছপুৰৰ এম এল এ হোষ্টেলৰ সমীপতে চাঞ্চল্যকৰ ঘটনা ৷ মহানগৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দিন দুপৰতে দুৰ্বৃত্তই ডেগাৰেৰে হানি হত্যাৰ চেষ্টা কৰে মাতৃ- পুত্ৰক ৷

দিছপুৰ বিধায়ক আবাসৰ নিচেই কাষতে থকা ৰাজধানী মছজিদৰ সমীপৰ দেৱদাৰু পথত বৃহস্পতিবাৰে দুপৰীয়া ভাগত সংঘটিত হয় এই ঘটনা ৷

দেৱদাৰু পথৰ হাউজ নম্বৰ ৭ ৰ আবাসী অধিবক্তা নিৰুপমা শইকীয়া আৰু পুত্ৰ অভিজিৎ শইকীয়াক দিন দুপৰতে সশস্ত্ৰ দুৰ্বৃত্তৰ দল এটাই ডকাইতি কৰিবলৈ আহি ডেগাৰেৰে আক্ৰমণ কৰে ৷ ডেকাৰৰ আঘাততত মাতৃ- পুত্ৰ ঢলি পৰে ৷

আনহাতে মাতৃ- পুত্ৰৰ চিঞৰ- বাখৰ শুনি দুৰ্বৃত্ত দল পলায়ন কৰে ৷পুত্ৰ অভিজিৎ গুৰুত্বৰ ভাৱে আহত হোৱাৰ বিপৰীতে মাতৃ সামান্য আঘাতপ্ৰাপ্ত হয় ৷দুয়োকে জি এন আৰ চিত ভৰ্তি কৰে স্থানীয় প্ৰতিবেশীয়ে ৷

উল্লেখ্য যে মহানগৰীৰ অভিজাত প্ৰতিষ্ঠান ড্ৰীমলেণ্ড পাৰ্কৰ স্বত্বাধিকাৰী নিৰুপমা শইকীয়াৰ বাসগৃহত ভৰ দুপৰীয়া সংঘটিত হোৱা ডকাইতি কাণ্ডই পুনৰ উদঙালে মহানগৰ আৰক্ষীৰ ব্যৰ্থতা ৷ মনকৰিবলগীয়া যে ঘটনা সংঘটিত হোৱাৰ নাতি দূৰতে আছে দিছপুৰ আৰক্ষী আৰু পূব আৰক্ষী উপায়ুক্তৰ কাৰ্যালয় অৱশ্যে ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পাছতে দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version