Guwahati Iit :
জি ২০ ৰ সমান্তৰালকৈ আই আই টি গুৱাহাটীত আল চিৰিংগাকলৈ ব্যাপক প্ৰস্তুতি। প্ৰথম বাৰৰ কাৰণে এইবাৰৰ আলচিৰিংগাত কেৱল ভাৰতবৰ্ষৰে নহয় বাংলাদেশৰ পৰাও নিৰ্বাচিত এশ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব ।
অডিচনৰ পিছত বাংলাদেশৰ শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰাৰ বাবে সুবিধা লাভ কৰিছে। শিক্ষাৰ্থী সকলে সংগীত নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
ইফালে সমগ্ৰ ভাৰতবৰ্ষৰ ১৫ শতাধিক শিক্ষাৰ্থীয়ে অংশ লব এইবাৰৰ আলচিৰিংগাত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এইবাৰৰ আলচিৰিংগাত বিশিষ্ট সংগীত পৰিচালক বিশাল শেষৰকে ধৰি ভালেকেইগৰাকী বলিউডৰ সংগীত শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।
