Nagaland Assembly Two MlA Resins : নাগালেণ্ড বিধানসভাৰ পৰা পদত্যাগ দুই বিধায়কৰ

af94eb52 d489 4e9a a909 2748bc640b3b

Nagaland Assembly Two MlA Resins :

প্ৰতিবেশী ৰাজ্য নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে দলত্যাগৰ ঢৌ উঠিছে পাৰ্বত্য ৰাজ্য খনত ৷ বিধানসভাৰ দুই বিধায়ক ক্ৰমে টি ইয়াংচেও চাংটাম আৰু থংৱাং কন্যাকে পদত্যাগ পত্ৰ দাখিল কৰিছে।

৪৬ নং মন টাউন বিধানসভা সমষ্টিৰ পৰা নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ টিকটত নিৰ্বাচিত বিধায়ক আছিল থংৱাং কন্যাক আৰু ৬০ নং পুংগ্ৰো-কিফিৰে বিধানসভা সমষ্টিৰ নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত ইয়াংচেও চাংটাম নগালেণ্ড বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷

ইতিমধ্যে নগালেণ্ড বিধানসভা সচিবালয়ে এক অধিসূচনা যোগে অধ্যক্ষই দুই বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰা বুলি সদৰি কৰিছে ৷ ইয়াৰ লগে লগে দুই আসন ৰিক্ত হ’ল বিধানসভাত৷

Exit mobile version