Vitamin D : ৮৪ শতাংশ ভাৰতীয়ৰ শৰীৰত ভিটামিন ‘ডি’ৰ ঘটিছে অভাৱ

download

Vitamin D :

গড় হিচাপে ভাৰতৰ ৭৬ শতাংশ জনসংখ্যা সম্প্রতি ভিটামিন ‘ডি’ৰ অভাৱত ভুগিছে। এক অধ্যয়নৰ তথ্য অনুসৰি, দেশৰ যুৱপ্ৰজন্মৰ মাজত ভিটামিন ‘ডি’ৰ সৰ্বাধিক অভাৱ ঘটিছে।

প্রতিবেদনৰ তথ্য অনুসৰি ভাৰতৰ ২৫ বছৰৰ অনুৰ্ধ্বৰ জনসংখ্যাৰ ৮৪ শতাংশ আৰু ২৫-৪০ বছৰ বৰ্ষৰ জনসংখ্যাৰ ৮১ শতাংশই ভিটামিন ‘ডি’ৰ অভাৱত ভুগিছে।

টাটা ১এমজি লে’বৰ শেহতীয়া অধ্যয়নত এই তথ্য পোহৰলৈ আহিছে। প্রতিষ্ঠানটোৱে দেশৰ ২৭ চহৰৰ মুঠ ২.২ লাখ লোকক
সামৰি এই অধ্যয়ন সমাপন কৰিছিল।

ভিটামিন ‘ডি’-এ মানৱ শৰীৰত কেলছিয়াম আৰু ফছফেটৰ মাত্রা নিয়ন্ত্ৰণত সহায় কৰে আৰু এইবিধ ভিটামিনে শৰীৰৰ হাড়, দাঁত আৰু মাংসপেশীক শক্তিশালী কৰে।

অধ্যয়নৰ তথ্যত প্ৰকাশ পোৱা মতে ভাৰতৰ ৭৯ শতাংশ পুৰুষ আৰু ৭৫ শতাংশ মহিলাৰ শৰীৰত সম্প্ৰতি ভিটামিন ‘ডি’ৰ অভাৱ ঘটিছে।

চহৰ অঞ্চলৰ ভিতৰত দেশৰ গুজৰাটৰ বডোডৰাত সৰ্বাধিক ৮৯ শতাংশ লোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱৰ প্ৰমাণ লাভ কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ।

দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ৭২ শতাংশ লোকৰ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱৰ প্ৰমাণ লাভ কৰা গ’ল।টাটা-১এমজিৰ প্রতিবেদনত উল্লেখ কৰা মতে জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ কাৰণত ভাৰতীয়সকলৰ মাজত ভিটামিন ‘ডি’ৰ সৰ্বাধিক অভাৱ প্রত্যক্ষ হৈছে।

ঘৰৰ ভিতৰতে সৰহসংখ্যক লোকে নিজক আবদ্ধ ৰখাৰ ফলত সূৰ্যৰ কিৰণৰ সংস্পৰ্শলৈ নহাত মানৱ শৰীৰত ভিটামিন ‘ডি’ৰ অভাৱ ঘটিছে।

Exit mobile version