Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

ৰাজ্যজুৰি আৰক্ষীৰ মাৰাথন অভিযান,গোচৰ ৰজু ৪০০৪টা

WhatsApp Image 2023 02 03 at 3.27.52 PM

Assam Against Child Marriage:

বাল্য বিবাহক লৈ মুখ্যমন্ত্ৰী কঠোৰ স্থিতিৰ পাছতে বৃহস্পতিবাৰে নিশাৰে পৰা ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে ব্যাপক অভিযান

নাবালিকা কিশোৰীক অবৈধভাৱে বিয়া কৰোৱা স্বামীক মুখ্যমন্ত্ৰীয়ে আটক কৰাৰ নিৰ্দেশৰ পাছতে নিশাৰে পৰা আৰম্ভ হোৱা অভিযানত আৰক্ষীৰ জালত পৰিছে বাৰ শতাধিক যুৱক ৷

একেদৰে গুৱাহাটী মহানগৰীটো আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই মহানগৰীৰ বিভিন্ন স্থানৰ পৰা আটক কৰিছে ৫৪ জন লোকক ৷ মহানগৰীৰ তিনিখনকৈ থানাত ৰজু হোৱা গোচৰৰ সংখ্যা ১৯২টা ৷

দিছপুৰ, বশিষ্ট আৰু হাতীগাওঁ থানাত ৰজু কৰা হৈছে সৰ্বাধিক গোচৰ৷ সেই অনুসৰি আৰক্ষীয়ে যোৱা নিশাৰে পৰা চলোৱা অভিযানত এই পৰ্যন্ত দিছপুৰ থানাত দুজন,বশিষ্টত ছয়জন আৰু হাতীগাঁও থানাত ১৪ জন অবৈধ স্বামীক আটক কৰিবলৈ সক্ষম হৈছে ৷

দিছপুৰ থানাৰ জালত পৰিছে ৩০ জন অবৈধ স্বামী ৷ এই থানাত পঞ্জীভূক্ত বাল্য বিবাহৰ ৰজু হোৱা গোচৰৰ সংখ্যা ৬০ টা ৷

আনহাতে ৰাজ্যব্যাপি অব্যাহত থকা আৰক্ষীৰ অভিযানত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পৰা দুজন৷ এই জিলাৰ পৰা আটক কৰা অবৈধ স্বাম সংখ্যা ৬০ ৷চৰাইদেও জিলাৰ পৰা ৪৯ জন,গোলাঘাটত ১৩, বৰপেটাত ১৫, কলগাছিয়াত ১৭, যোৰহাটত ২৫,বঙাইগাঁওৰ যোগীঘোপাত ২১, শিৱসাগৰত ১০ , গহপুত ৪৬ অভয়াপুৰীৰ পৰা ১৪,ওদালগুৰিৰ পৰা দুজন, কামৰূপ গ্ৰাম্যৰ হাজোৰ পৰা ১২,চিৰাংত ৪০,নগাঁও জিলাৰ কামপুৰৰ পৰা ৫ ,জুৰীয়াৰ পৰা ১১গৰাকীকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখ্য যে,নগাঁও জিলাৰ ৰূপহীহাটত ট্ৰেভেলাৰ বাছ বুকিং কৰি কেৰলালৈ পলাবলৈ বিছৰা ৩০ জন অবৈধ স্বামীক নিশাৰ বাছৰ পৰা আটক কৰা হয় ৷

শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যজুৰি চলোৱা অভিযানত আৰক্ষীৰ জালত পৰা অবৈধ স্বামীৰ সংখ্যা বৃদ্ধি পায় ১২৮৫ জনলৈ ৷ একেদৰে ৰেজিষ্টাৰ হোৱা গোচৰৰ সংখ্যা হৈছেগৈ ৪০০৪ টা ৷

বৰ্তমানেও অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথন অভিয়ান অব্যাহত আছে |

Exit mobile version