G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

বৈঠকত ল'লে কেইবাটাও সিদ্ধান্ত

WhatsApp Image 2023 02 03 at 4.26.32 PM

G p Singh :

মহানগৰীৰ উলুবাৰীস্থ অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত সদ্য নিযুক্ত আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙে উচ্চপদস্থ আৰক্ষী বিষয়াৰে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ বৈঠকত বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াও অংশ লয় ৷
কেবাঘণ্টা জোৰা বৈঠকৰ অন্তত লোৱা হয় কে’বাটাও সিদ্ধান্ত ৷

সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা আৰক্ষী হেড কোৱাৰ্টাৰ আৰু আৰক্ষী অধীক্ষক কাৰ্যালয় সমূহত কৰ্মদিনত পুৱা ১১- ৩০ বজাৰ পৰা বিয়লি এক বজালৈ এজন আৰক্ষী বিষয়া উপস্থিতি থকাটো বাধ্যতামূলক

এই বিষয়াজনে কাৰ্যালয়লৈ অহা প্ৰতিগৰাকী ৰাইজৰ স’তে মনবিনিময় কৰি তেওঁলোকৰ অভাৱ- অভিযোগ সমূহ যথাসম্ভব নিৰাময়ৰ পদক্ষেপ ল’ব ৷ এই নতুন ব্যৱস্থা কাৰ্যকৰী হ’ব ১৩ ফেব্ৰুৱাৰীৰ পৰা ৷

আনহাতে জৰুৰীকালীন অৱস্থাৰ বাদে আৰক্ষী অধীক্ষকৰ অধীনস্থ অঞ্চল সমূহত নিয়োজিত থকা আৰক্ষী লোকসকলে সপ্তাহত এটা দিন ছুটি পোৱাটো বাধ্যতামূলক কৰা হয় ৷ কিন্ত এই নিয়ম কাৰ্যকৰী নহ’ব সংশ্লিষ্ট থানা আৰু আৰক্ষী চকী,পহৰা চকীত ৷

উল্লেখ্য যে,আৰক্ষী হেডকোৱাৰ্টাৰ, আৰক্ষী অধীক্ষক আৰু বেটেলিয়ন কাৰ্যালয় সহ আৰক্ষীৰ অন্যান্য ভগ্নী অনুষ্ঠানত আগন্তুক দুমাহৰ ভিতৰত মীমাংসা নোহোৱাকৈ থকা কৰ্মচাৰীৰ পেঞ্চন সম্পৰ্কীয় কামকাজ সমূহ নিস্প্ৰতি কৰাটো নিশ্চিত কৰা ৷

আনহাতে এতিয়াৰ পৰা অৱসৰলৈ এবছৰ থকা অসম আৰক্ষীত কৰ্মৰত লোকসকলৰ পেঞ্চন সম্বন্ধীয় কামকাজ তৎকালীনভাৱে কৰা হ’ব ৷

আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্তমৰ্মে থানা,বেটেলিয়ন কাৰ্যালয় আদিত মহিলাৰ বাবে সুকীয়া শৌচালয়ৰ ব্যৱস্থা কৰা হ’ব ৷

আৰক্ষী বিষয়া- জোৱান সকলে এতিয়াৰ পৰা নিজৰ ইউনিফৰ্মত ৰাইজে স্পষ্টকৈ দ্বি-ভাষিক নামযুক্ত প্লেট লগোৱাটো বাধ্যতামূলক কৰা হ’ব।

আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত ডি জি পি গৰাকীয়ে প্ৰতিজন আৰক্ষী বিষয়াই ৰাইজৰ লগতে নিজৰ সহকৰ্মীক যথোচিত সন্মান আৰু মৰ্যাদা দিয়াৰ বাবে আহ্বান জনাই ৷

একেদৰে অসম আৰক্ষীৰ মুৰব্বী গৰাকীয়ে আৰক্ষী বিষয়া আৰু জোৱান সকলক নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ পোষকতা কৰে ৷

Exit mobile version