Hath Se Hath Jodo :অসম প্ৰদেশ কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান সম্পন্ন উদাৰবন্দত

WhatsApp Image 2023 02 03 at 7.42.06 PM 2

Hath Se Hath Jodo :

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ উদ্যোগত দেশ ব্যাপি চলা ভাৰত জোড়ো যাত্ৰাৰ পাছত এইবাৰ পুনৰ দলটোৱে আৰম্ভ কৰিছে হাথ সে হাথ জোড়ো যাত্ৰা ৷ অসম প্ৰদেশ কংগ্ৰেছে এ আই চি চিৰ কাৰ্যসূচী অনুসৰি বৰাক উপত্যকাৰ পৰাই আৰম্ভ কৰে “হাথ সে হাথ জোড়ো অভিযান” ৷

যোৱা সপ্তাহৰ পৰা বৰাক উপত্যকাত অব্যাহত থকা “হাথ সে হাথ জোড়ো অভিযান” আজি উদাৰবন্দ বিধানসভা সমষ্টিত সম্পন্ন হয়।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত আজিৰ যাত্ৰাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন সিং ঘাটোৱাৰকে ধৰি অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা আৰু কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷ একেদৰে অভিযানত উপত্যকাটোৰ কেইবা সহস্ৰাধিক কংগ্ৰেছ নেতা- কৰ্মীয়ে ভাগ লয় ৷

Exit mobile version