Pakistan Tlp Attacks Masjid:মুছলিম অধ্যুষিত দেশতে সুৰক্ষিত নহয় মছজিদ !

পাকিস্তানৰ আহমেদিয়া মছজিদ ভাঙিলে কট্টৰ তেহৰিক-ই-লাব্বাইকৰ কৰ্মীয়ে

WhatsApp Image 2023 02 03 at 8.52.40 PM

Pakistan Tlp Attacks Masjid:

পাকিস্তানত সংখ্যালঘুসকলৰ সৈতে অমানৱীয় আচৰণ কৰাটো সাধাৰণ কথা হৈ পৰিছে চিৰবৈৰী দেশখনত । হিন্দু আৰু শিখ সম্প্ৰদায়ৰ ওপৰত সময়ে সময়ে আক্ৰমণ আৰু ধৰ্মীয় স্থানসমূহ ভাঙি পেলোৱাৰ দৰে ঘটনা নিত্য নৈমিত্তিক ঘটনাত হৈ পৰিছে পাকিস্তানত ৷

মৌলবাদীসকলৰ টাৰ্গেট হৈছে এইবাৰ সংখ্যাগুৰু মুছলমানৰ আহমেদী, চিয়া আৰু হাজাৰাৰ দৰে সম্প্ৰদায় সকল ।

শেহতীয়াকৈ শুক্ৰবাৰে আহিছে কৰাচীৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ ৷ পাকিস্তানৰ তেহৰিক-ই-লাব্বাইক চমুকৈ টি এল পিৰ মৌলবাদীৰ এটা দলে শুক্ৰবাৰে এটা আহমেদিয়া মছজিদত আক্ৰমণ কৰিছিল ৷ হেলমেট পিন্ধা কিছুমান অচিনাক্ত লোকক মছজিদৰ মিনাৰ ভাঙি থকা দেখা গৈছিল ।

মছজিদত আক্ৰমণৰ সময়ত আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত আছিল। কিন্ত লোৱা নাছিল সময়োচিত পদক্ষেপ ৷ আক্ৰমণকাৰীসকল পাকিস্তানৰ উগ্ৰপন্থী ইছলামিক দল তেহৰিক-ই-লাব্বাইক পাকিস্তানৰ (টিএলপি) সদস্য বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে এই সংগঠনটোৰ এজন নেতা মৌলানা চাদ ৰিজৱীক শেহতীয়াকৈ এটা ভিডিঅ’ত উচতনিমূলক মন্তব্য দিয়া দেখা গৈছিল।

ৰিজৱীয়ে কৈছিল যে আমি “এখন হাতত কোৰাণ আৰু আনখন হাতত পাৰমাণৱিক বোমা লৈ পৃথিৱীলৈ যোৱা উচিত”। সমগ্ৰ বিশ্বই আমাৰ পদচিহ্নত নমস্কাৰ কৰিব।”

মুছলিম দেশতে সুৰক্ষিত নহয় মছজিদ ৷ এমাহৰ ভিতৰত এইটো এনেধৰণৰ দ্বিতীয় ঘটনা। পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে (এইচআৰচিপি) পাক অধিকৃত পঞ্জাৱৰ ৱাজিৰাবাদৰ আহমেদিয়া মছজিদত হোৱা আক্ৰমণক তীব্ৰ গৰিহণা দিছে। সংগঠনটোৱে পাকিস্তানত সংখ্যালঘুসকলৰ ধৰ্মীয় স্থানৰ নিৰাপত্তাৰ দাবী জনাইছিল।

স্মতৰ্ৱ্য যে, সোমবাৰে পেছোৱাৰৰ এটা মছজিদত এক ভয়ংকৰ আত্মঘাতি আক্ৰমণ হৈছিল। য’ত নিহত হৈছিল ১০০ তকৈও অধিক লোক আৰু আহত হৈছিল কেবা শতাধিক লোক। প্ৰাপ্ত খবৰ অনুসৰি আক্ৰমণকাৰীজন আৰক্ষীৰ পোছাকত আছিল।

Exit mobile version