National Human Rights day :
আন্তঃজাতিক মানৱ অধিকাৰ ৰাজদূত সংস্থাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ধনঞ্জয় তালুকদাৰে এক প্ৰেছ বিবৃত্তি যোগে জনায় যে অহা ১০ ডিচেম্বৰত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে আন্তঃজাতিক মানৱ অধিকাৰ দিৱসটি উদযাপন কৰা হ’ব।
অনুষ্ঠানৰ অংশ হিচাপে নগাওঁ জিলা পুথিভঁৰালত এক বৰ্ণাঢ্য কাৰ্য্যসূচী আয়োজন কৰা হৈছে ৷ আন্তঃজাতিক মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি আলোচনা চক্ৰ , বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান , এছিয়াৰ সৰ্ববৃহৎ শান্তি বঁটা প্ৰদান অনুষ্ঠানকে ধৰি বিস্তৃত কাৰ্য্যসূচী অনুষ্ঠিত হ’ব।
অনুষ্ঠানত আন্তঃজাতিক মানব অধিকাৰ সংস্থাৰ আন্তঃজাতিক সভাপতি ড° অবিনাস ধনঞ্জয় সকুণ্ডে ,আন্তঃজাতিক সম্পাদক প্ৰধান ড° হৰেশ্বৰ শইকীয়া , সংস্থাৰ উত্তৰ -পূৱ ভাৰত আৰু ৰাজ্যিক বিষয়ববীয়াসকলৰ লগতে বহু কেইখন দেশৰ ৰাজদূতসকলে অংশ গ্ৰহণ কৰিব ৷
দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগা কাৰ্য্যসূচীৰ সফল ৰূপায়নৰ বাবে সকলোৰে সহযোগিতা ৰাজ্যিক সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে নিভা কুমাৰী বৰা আৰু ৰাজীৱ দাসে কামনা কৰিছে ।



































