Pathaan :
বিশ্বজুৰি বক্স অফিচত চাঞ্চল্য অব্যাহত ৰাখিছে ‘পাঠান’ ছবিখনে। বলিউডৰ মহাতাৰকা অভিনেতা শ্বাহৰুখ খান, জন আব্রাহাম, দিপীকা পাডুকন অভিনীত এইখন ছবিয়ে ন দিনত বিশ্বজুৰি ৭০০ কোটি টকাৰো অধিক ব্যৱসায় কৰিলে।
ADVERTISEMENT
বক্স অফিচত এটাৰ পাছত আন এটা অভিলেখ ভংগ অব্যাহত ৰাখিছে ‘পাঠান’-এ । ৩০০ কোটি টকা বাজেটৰে নিৰ্মাণ কৰা ‘পাঠান’ ইতিমধ্যে বাণিজ্যিকভাৱে সফল ছবি হিচাপে স্বীকৃত হ’ল।
মুক্তিৰ দিনা ৫৭ কোটি টকাৰ ব্যৱসায় কৰা ছবিখনে যোৱা বৃহস্পতিবাৰেও বক্স অফিচত দপ্দপনি অব্যাহত ৰাখিলে। চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে, শ্বাহৰুখৰ এইখন ছবিয়ে সন্মানীয় এহেজাৰ কোটিৰ ক্লাবত অচিৰে প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ।
সিদ্ধাৰ্থ আনন্দ পৰিচালিত ‘পাঠান’-এ দেশৰ লগতে বিদেশতো দৰ্শকৰ মন জয় কৰাত সফল হ’ল।