Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ সহ গুলী

WhatsApp Image 2023 02 04 at 6.39.01 PM

Weapon Recovered In Nalbari :

নলবাৰীত শনিবাৰে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ ৷ সেনাৰ এক সূত্ৰৰ ভিত্তিত আৰক্ষী আৰু চি আৰ পি এফৰ ১৩৬ নং বেটেলিয়নৰ এটা যৌথ অভিযানকাৰী দলে চেংনৈৰ ঘন জংঘলত অৰ্তকিতে চলোৱা এক অভিয়ানত উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ ৷

উদ্ধাৰ কৰা মাৰাণাস্ত্ৰৰ ভিতৰত ছয়টা পিষ্টল , শতাধিক সজীৱ গুলী ৷ লগতে উদ্ধাৰ হয় বিস্ফোৰক সামগ্ৰী ৷

উল্লেখ্য যে, উদ্ধাৰ হোৱা সামগ্ৰী খিনি ঘন জংঘলত কোনে পেলাই থৈছিল এই সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নলবাৰীত ৷

Exit mobile version