3 Idiots : পুনৰ আহিব থ্রী ইডিয়ট!

fans demand sequel of 3 idiots as the trio reunite for a video 001

3 Idiots :

‘থ্রী ইডিয়ট’ ছবিখনে আজিও দৰ্শকৰ মনত ৰেখাপাত কৰে। ছবিৰ অনুৰাগীৰ মনৰ এটা কোণত আজিও ছবিখনে স্থান দখল কৰি আছে।

ইঞ্জিনীয়াৰিং কলেজৰ তিনিজন বন্ধুৰ কাহিনীৰ স’তে দৰ্শকে সহজে একাত্ম হৈ পৰিছিল। তাৰ পাছৰ পৰাই বিভিন্ন সময়ত এই ছবিখনৰ ছিকুৱেল নিৰ্মাণৰ দাবী উত্থাপন হৈ আহিছে।

অৱশ্যে পৰিচালক ৰাজকুমাৰ হিৰানীয়ে কোনো সন্মতি দিয়া নাছিল। ২০০৯ত মুক্তিলাভ কৰিছিল আমিৰ খান, আৰ মাধৱন আৰু শৰমন যোশীয়ে অভিনয় কৰা ছবিখনে।

ৰেঞ্চো, ফাৰহান আৰু ৰাজুৰ কাহিনীয়ে আজিও দর্শকক হুঁহুৱায়। শেহতীয়াকৈ হঠাৎ তিনিওজনে একেলগে দেখা দিলে। তেওঁলোকৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত নিমিষতে ভাইৰেল হৈ পৰে।

তাৰ লগে লগে জল্পনা আৰম্ভ হ’ল যে শীঘ্ৰে আহিব পাৰে ‘থ্ৰী ইডিয়টছ’ৰ পৰৱৰ্তী পৰ্ব। আচলতে সম্প্ৰতি শৰমনৰ এখন গুজৰাটী ছবিৰ প্ৰচাৰত অংশ লয় আমিৰ আৰু মাধৱনে।

ছবিখনৰ নাম ‘কংগ্ৰেছুলেছল্‌ছ’। ভিডিঅ’ত দেখা গৈছে ৰঙা ট্ৰেক ছ্যুট পৰিধান কৰি তিনিওজনে স্ফূর্তি-তামাচা কৰিছে। তাৰ পৰাই দৰ্শকৰ মনত ‘থ্ৰী ইডিয়ট্‌ছ’ৰ ছিকুৱেলৰ ধাৰণাটো সৃষ্টি হয়।

Exit mobile version