Cought : এই সমূহ নিয়মমানি দুই মিনিটত বন্ধ কৰক কাঁহ !

these home remedies good for your night dry cough know in hindi

Cought :

জীৱনত কেতিয়াও কাঁহ নোহোৱা মানুহ হয়তো নোলাব। এই বিৰক্তিকৰ অভিজ্ঞতা প্রায় সকলোৰেই হৈছে। কিন্তু মাজে মধ্যে এনে অৱস্থা হয় যে কাৰোবাৰ কাহ উঠিলে বন্ধ হোৱাৰ নামেই নলয়।

ঠিক যক্ষ্মাৰ দৰে। সচৰাচৰ শ্বাসনলীৰ প্ৰদহ আৰু হাওঁফাওঁত জীৱাণুৰ প্ৰৱেশ ঘটিলেই কাহ হয়। সৰু-ডাঙৰ সকলোৰে ক্ষেত্ৰত এই কথা প্রযোজ্য। কেতিয়াবা এনে কোনো গুৰুত্বপূৰ্ণ সময়ত কাহে অৱস্থা কাহিল কৰি পেলায় যে মানুহজন বিপদতো পৰিবলগীয়া হয়।

কাঁহৰ ঔষধ খায়ো ভাল পোৱা নাযায়৷ এনে অৱস্থাত অতি সহজে পালন কৰিব পৰা প্ৰাকৃতিক নিয়মৰ দ্বাৰা কাঁহৰ পৰা আপুনি ৰেহাই পাব পাৰে।

অৱস্থাৰ পৰিৱৰ্তন কৰক : অতি বেছি কাঁহ আৰম্ভ হ’লে লগে লগে শাৰিৰীক অৱস্থাৰ পৰিৱৰ্তন কৰিব। যদি শুই আছে, তেন্তে উঠি বহক। আনহাতে, বহি থাকিলে থিয় হওক। এনে কৰিলে ভাল ফল পাব।

পানী খাওক : অতিৰিক্ত কাঁহ হ’লে পানী খালে আপুনি আৰাম পাব পাৰে। পানী খালে তৎক্ষণাত কাহ বন্ধ হ’ব।

লং মুখত দিয়ক : আমি যে কোনো আহাৰত লং প্ৰয়োগ কৰো,তাৰ এক চমৎকাৰ উপকাৰিতা আছে। লঙে মানুহৰ কণ্ঠনলী পৰিষ্কাৰ কৰি ততালিকে কাহৰ পৰা মুক্তি দিয়ে। এটা লং মুখত দিলে এক প্ৰকাৰৰ পদাৰ্থ নিঃসৰণ কৰি মানুহজনৰ শান্তি নিশ্চিত কৰিব।

আদাৰ ব্যৱহাৰ : আদাৰ গুণ অপৰিসীম। অতিমাত্রা কাহ উঠিলে আপোনাক সকাহ দিব পাৰে। ই এক অত্যন্ত ফলদায়ক পৰীক্ষিত পদ্ধতি।

বুকু ফুলাই উশাহ লোৱা : এয়া হ’ল কাঁহ বন্ধ কৰাৰ এবিধ নিজস্ফ ব্যৱস্থা। বুকু ফুলাই উশাহ গ্ৰহণ কৰি লাহে লাহে শ্বাসখিনি এৰি দিয়ক। এই পদ্ধতিয়ে মানুহক শাৰীৰিক আৰু মানসিক প্রশান্তি প্রদান কৰিব। ইয়াৰ দ্বাৰা শৰীৰৰ প্ৰতিটো কোষলৈকে অক্সিজেন সৰবৰাহ হয়। ফলত প্ৰতিটো কোষে ভালদৰে নিজৰ কাম সম্পন্ন কৰে। এইবোৰ ব্যৱস্থা গ্ৰহণ কৰি বৰ সহজে তথা অতি কম সময়ত বিৰক্তিকৰ কাঁহৰ পৰা সকাহ পোৱা যায়। সেয়ে আমি একমাত্ৰ ঔষধৰ ওপৰতে নিৰ্ভৰশীল নহৈ হাতৰ কাষত যি আছে তাৰ সহায় লৈ সুস্থ হৈ থাকিব পাৰে।

Exit mobile version