Ranjit Bora Murder Case : ৰঞ্জিত বৰা হত্যাকাণ্ডৰ দুই মুল অভিযুক্তক গ্ৰেপ্তাৰ ছিপাঝাৰত

a1b15585 fa13 491a ae77 305b38b3f948

Ranjit Bora Murder Case :

ৰাজ্য কপাঁই যোৱা গুৱাহাটীৰ পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মুল অভিযুক্ত অৱশেষত আৰক্ষীৰ জালত পৰে ৷ মঙলদৈৰ ছিপাঝাৰৰ পৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

ইতিমধ্যে মুই অভিযুক্তক লৈ আৰক্ষী ৰাওনা হয় গুৱাহাটী অভিমুখে ৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত অভিযুক্তৰ নাম সদৰি কৰাৰ পৰা বিৰত আছে ৷

উল্লেখ্য যে, মহানগৰীৰ সদাব্যস্ত পাঞ্জাবাৰীত ২১ নৱেম্বৰত ৰাজপথৰ ওপৰতে দিন দুপৰতে দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক ৷ দুৰ্বৃত্তই বৰাক হত্যা কৰি তেওঁ অহা বাহন খনৰ পৰা লুট কৰি নিয়ে প্ৰায় ৩.৫০ লাখ টকা ৷

চাঞ্চল্যকৰ হত্যাকাণ্ডই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল ৷ অৱশ্যে কিছুদিন পূৰ্বে আৰক্ষীয়ে হত্যাকাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগত ৰিভলভাৰ সহ দুজন যুৱকক মৰিগাঁওত আটক কৰিছিল ৷

কিন্ত অৱশেষত আঢ়ৈ মাহৰ পাছত হত্যাকাণ্ডৰ স’তে জড়িত দুই মুল অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰক্ষী ৷

Exit mobile version