APCC Protest In Guwahati :মহানগৰীত আদানীৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

আৰক্ষীয়ে আটক কৰিলে অৰ্ধ শতাধিক কংগ্ৰেছীক

ddfe2efa cc60 4372 836b 8015852d5874 1

APCC Protest In Guwahati :

দেশৰ আগশাৰীৰ উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে মহানগৰীত সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

গুজৰাটী আদানীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোঁহাত স্বৰূপ আখ্যা দি দেশবাসীক অন্ধকাৰত ৰাখি আদানীক ধনী কৰাৰ বাবেই শেহতীয়াকৈ বিজেপি চৰকাৰে দেশত চৰম বিত্তীয় প্ৰৱঞ্চনা কৰিছে বুলি উল্লেখ কৰে কংগ্ৰেছে৷

আদানীৰ গ্ৰাসৰ পৰা দেশক উদ্ধাৰ কৰাৰ লক্ষ্যৰে আজি দেশজুৰি অখিল ভাৰতীয় কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটী আৰু কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছ কমিটীৰ যুটীয়া উদ্যোগত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

আজি দুপৰীয়া ভাগত মহানগৰীৰ সদাব্যস্ত ফাঁচীবজাৰৰ ভাৰতীয় জীৱন বীমা নিগমৰ সন্মুখত কংগ্ৰেছী নেতা-কৰ্মীসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰে বিজেপি বিৰোধী বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ অৱশ্যে আদানীৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰা কংগ্ৰেছ নেতা-কৰ্মী সকলক আৰক্ষীয়ে আটক কৰে।

প্ৰতিবাদ কাৰ্যসূচীত এ পি চি চিৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা সহ কে’বা গৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে ৷

Exit mobile version