Baba Ramdev : যোগগুৰুৰ বিপদ আসন্ন ! বিতৰ্কিত মন্তব্যৰ বাবে ৰজু হ’ল গোচৰ

b4c149ab 61fd 4e30 b57d 10b18b30eded

Baba Ramdev :

ইছলাম আৰু খ্ৰীষ্টানৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য দিয়াৰ বাবে বিপদত পৰিছে বাবা ৰামদেৱ৷ যোগগুৰুজনৰ বিৰুদ্ধে ৰাজস্থানত এজাহাৰ দাখিল ৷

উল্লেখ্য যে দুই ফেব্ৰুৱাৰীত পূৰ্বে যোগ গুৰু বাবা ৰামদেৱে ৰাজস্থানৰ বাৰমেৰ জিলাত সাধু- সন্ন্যাসী সকলৰ এখন সভাত ইছলাম আৰু খ্ৰীষ্টান সকলৰ বিষয়ে এক উচতনিমূলক বক্তব্য দিছিল।

যাক লৈ মুছলিম ধৰ্মীয় নেতাসকলে বাবা ৰামদেৱৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল।বাৰমেৰৰ পাথাই খান নামৰ লোকজনে দেওবাৰে দিয়া অভিযোগৰ ভিত্তিত চৌহাটান আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে এক গোচৰ৷

এজন আৰক্ষী বিষয়াই জনোৱা অনুসৰি , ভাৰতীয় দণ্ডবিধিৰ ১৫৩ (এ), ২৯৫ (এ) আৰু ২৯৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে।

উল্লেখ্য যে , যোগ গুৰুজনে কৈছিল,”ইছলামত কোৱা হয় যে জান্নতত এজনে সুৰা পান কৰে। এনে স্বৰ্গ জাহান্নুমতকৈও বেয়া। তথাপিও মানুহে তেওঁলোকৰ গোঁফ কাটি আছে আৰু তেওঁলোকৰ মূৰত টুপী লগাই আছে। খ্ৰীষ্টানসকল কম নহয়। তেওঁলোকে কয় যে মমবাতি জ্বলাওক আৰু যীচু খ্ৰীষ্টৰ সন্মুখত থিয় হওঁক, সকলো পাপ আঁতৰ কৰা হ’ব। এইয়া পগলামী।এই লোকসকলে আন সম্প্ৰদায়ৰ লোকসকলক মুছলমানলৈ ৰূপান্তৰিত কৰিছে। এটা গোটে সমগ্ৰ বিশ্বক খ্ৰীষ্টান আৰু আনটো ইছলাম বনাব বিচাৰে কিন্তু হিন্দু ধৰ্ম তেনে নহয়। “

Exit mobile version