Car Caught Fire : চলন্ত অৱস্থাত দাউদাউকৈ জ্বলি উঠিল গাড়ী, ভিতৰত আৱদ্ধ শিশু,মহিলা ! কি হ’ল তাৰ পাছত

1675670248 car

Car Caught Fire :

পথৰ মাজত দাউদাউকৈ জ্বলি আছে এখন গাড়ী । ভিতৰত আৱদ্ধ হৈ পৰে এগৰাকী মহিলা আৰু কেবাটাও শিশু । আতংকিত হৈ চিঞৰি উঠে তেওঁলোকে ।

এই ভয়ংকৰ দৃশ্যটো দেখি হতবাক হৈ পৰে পথচাৰীসকল । কিছুমানে গাড়ীখনৰ কাষলৈ যাবলৈ চেষ্টা কৰে। কিন্তু জুইৰ প্ৰকোপত সাহস কৰিব নোৱাৰে ।

খবৰটো আৰক্ষীৰ কুইক ৰেচপন্স টিম (QRT) লৈ যায় । এছএছপিৰ নেতৃত্বত এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু গাড়ীখনৰ গ্লাচ  ভাঙি আৱদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰে । এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ৰাঁচীত ।

প্ৰাপ্ত তথ্য অনুসৰি, গাড়ীখনৰ আৰোহীসকলে এটা পাৰিবাৰিক অনুষ্ঠানত অংশ ল’বলৈ গৈ আছিল । আইটিবিপি শিবিৰৰ সমীপৰ ৰিং ৰোডত আগবাঢ়ি যোৱাৰ সময়ত হঠাতে গাড়ীৰ পৰা ধোঁৱা ওলাবলৈ ধৰে ।

চালকজনে গাড়ীখন ৰখাই দিলে। কিন্তু তেতিয়ালৈকে গাড়ীখনৰ সন্মুখত জুই লাগিছিল। চালকজনে দাবী কৰিছিল যে ৰিং ৰোডত গাড়ীখনৰ ব্ৰেকবোৰে হঠাতে কাম কৰা বন্ধ কৰি দিয়ে । ইঞ্জিনটোত জুই লাগে আৰু তাৰ লগে লগে গাড়ীখনৰ দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে লক হৈ যায়।

চালকজনে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে । তেওঁ খিৰিকীৰ গ্লাচ নমাই সহায়ৰ বাবে চিঞৰিবলৈ আৰম্ভ কৰে । এই দৃশ্যটো দেখি পথচাৰীসকলে আৰক্ষীৰ কুইক ৰেচপন্স টিমক অৱগত কৰে ।

ততাতৈয়াকৈ এছএছপি কৌশল কিশোৰৰ নেতৃত্বত এটা দলে ঘটনাস্থলীত উপস্থিত হয় আৰু গাড়ীখনৰ গ্লাচ ভাঙি মহিলা আৰু শিশুসকলক উদ্ধাৰ কৰে ।

Exit mobile version