China : পুনৰ চীনৰ বিৰুদ্ধে ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক : নিষিদ্ধ কৰিলে ২৩২ চীনা এপ্

china app

China :

চীনক ভাৰতে পুনৰ ডিজিটেল ষ্ট্ৰাইকৰে আঘাত হানিলে। ভাৰত চৰকাৰে একেলগে দুশৰো অধিক চীনা এপ্ দেশত নিষিদ্ধ ঘোষণা কৰিলে।

দেওবাৰে কেন্দ্ৰীয় তথ্য আৰু প্রযুক্তি মন্ত্রণালয়ে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বেটিং এপসহ চীনৰ ২৩২ টা এপ্ ভাৰতত নিষিদ্ধ কৰা হ’ল।

নিষিদ্ধঘোষিত এপ্‌সমূহৰ মাজত ১৩৮টা বেটিং এপ্ আৰু ৯৪ টা ল’ন লেণ্ডিং এপ্ আছে। কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুসৰি, এই এপসমূহৰ বিৰুদ্ধে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাত আঘাত হনাৰ অভিযোগ উত্থাপিত হৈছে।

সেয়েহে তৎপৰতাৰে ভাৰত ২৩২ চীনা এপ্ নিষিদ্ধ কৰাৰ প্ৰক্ৰিয়া চৰকাৰে আৰম্ভ কৰিলে।

Exit mobile version