Earthquake In Turkey : ভূমিকম্পৰ ফলত ৬০০ লোকৰ মৃত্যু তুৰ্কী আৰু ছিৰিয়াত, মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশঙ্কা

1675666679 turkey

Earthquake In Turkey :

ভূমিকম্পই জোকাৰি গ’ল দক্ষিণ তুৰ্কীক । সোমবাৰে পুৱতি নিশাই অনুভূত হয় কম্পন । ভূমিকম্পৰ কেন্দ্ৰবিন্দু হ’ল দক্ষিণ তুৰ্কী ।

গাজিয়ানটেপ প্ৰদেশৰ পূব অংশৰ নুৰদাগী চহৰৰ পৰা প্ৰায় ২৬ কিলোমিটাৰ পূবে, ভূগৰ্ভৰ প্ৰায় ১৮ কিলোমিটাৰ গভীৰতাত। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৮। কিছু মুহূৰ্তত পাছত মধ্য তুৰ্কীত আন এটা কম্পন অনুভৱ কৰা হয়।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS) ৰ অনুসৰি, দ্বিতীয় ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৭ । প্ৰাপ্ত তথ্য অনুসৰি লেবানন, ছিৰিয়া আৰু চাইপ্ৰাছৰ বিভিন্ন অংশত ভূমিকম্প অনুভূত হৈছে ।

১৯৩৯ চনৰ পৰা তুৰ্কীয়ে এনে ভয়ংকৰ ভূমিকম্প দেখা নাই । দুৰ্যোগৰ কেবাটাও ভিডিঅ’ ফেচবুক আৰু টুইটাৰত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত, প্ৰবল কম্পনৰ ফলত ঘৰবোৰ ভাঙি পৰা দেখা গৈছে। স্থানীয় লোকসকলেও নিজৰ জীৱন ৰক্ষাৰ আশাত দৌৰি ফুৰা দেখা গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে ৬০০ তকৈও অধিক মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভূমিকম্পৰ ফলত ১৪০ টা ঘৰ খহি পৰে । এই ধ্বংসস্তূপৰ তলত বহুলোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে। ফলস্বৰূপে, মৃত্যুৰ সংখ্যাও বৃদ্ধি হ’ব পাৰে। এতিয়ালৈকে, ৪২০ জন লোক গুৰুতৰভাৱে আহত হৈছে।

গাজিয়ানটেপ প্ৰদেশৰ ৰাজ্যপাল দাভুত গুলে টুইটাৰযোগে লিখিছে “আমাৰ চহৰত প্ৰবল ভূমিকম্প অনুভূত হৈছে।” আপোনালোক শান্ত হৈ থাকক । ঘৰৰ বাহিৰত অপেক্ষা কৰক। এই পৰিস্থিতিত গাড়ী নচলাব। অনুগ্ৰহ কৰি ৰাস্তাত ভিৰ নকৰিব। ”

Exit mobile version