Soler Street Lights :ডিমা হাচাওৰ বড়ো চেনাম গাঁৱত অসম ৰাইফলছৰ দ্বাৰা চ’লাৰ লাইট স্থাপন

6fe46652 7e63 47b9 8042 0263f83db8ab

Soler Street Lights :

পাহাৰীয়া জিলা ডিমা হাচাও সদৰ হাফলং উত্তৰাঞ্চলত থকা অসম ৰাইফলছৰ আৰক্ষী মহাপৰিদৰ্শকৰ মুখ্য কাৰ্যালয়ে সোমবাৰে অসম ৰাইফলছৰ চিভিক একচন প্ৰজেক্ট ২০২২-২৩(এআৰ চিএপি) ৰ অধীনত জিলাখনৰ বড়ো চেনম গাঁৱত চাৰিটা চ’লাৰ লাইট স্থাপন কৰে ৷

উল্লেখযোগ্য পাৰ্বত্য জিলা খনৰ বড়ো চেনম গাওঁখন অতি ভিতৰুৱা দুৰ্গম স্থান অৱস্থিত য’ত কোনো বিদ্যুত যোগানৰ ব্যৱস্থা নাই৷ বৈদ্যুতিক যোগানৰ কোনো ব্যৱস্থা নথকাৰ বাবেই গাওঁবাসী বিশেষকৈ মহিলা আৰু শিশুসকলে অন্ধকাৰৰ সময়ত নানান অসুবিধাৰ সন্মুখীন হৈছিল।

বড়ো চেনম গাঁৱৰ তদাৰকী কৰ্তৃপক্ষই সৌৰ পথৰ লাইট প্ৰদান কৰিবলৈ হাফলঙস্থ অসম ৰাইফলছ বেটেলিয়নৰ কাষ চাপিছিল ৷ গাঁওবাসীৰ একান্ত অনুৰোধৰ প্ৰতি সহাৰী জনাই বেটেলিয়নে এআৰ চিএপি ২০২২-২৩ৰ অধীনত চ’লাৰ লাইট স্থাপনৰ পদক্ষেপ লয় ৷

গাওঁবাসীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি অসম ৰাইফলছে দ্ৰুতগতিত গাওঁখনৰ সকলো গুৰুত্বপূৰ্ণ এলেকা সামৰি মুঠ চাৰিস্থানত স্থাপন কৰে চ’লাৰ লাইট ।

অসামৰিক প্ৰশাসন, গাওঁ কৰ্তৃপক্ষ আৰু গাওঁখনৰ স্থানীয় জনসাধাৰণে সৌৰ পথৰ লাইট স্থাপনৰ বাবে অসম ৰাইফলছলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসম ৰাইফলছৰ এই ধৰণৰ পদক্ষেপে স্থানীয় জনতা আৰু নিৰাপত্তা বাহিনীৰ মাজত থকা বন্ধুত্বমূলক বন্ধনক অধিক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে এনে বহু মহৎ প্ৰচেষ্টাৰ পথ প্ৰশস্ত কৰে বুলি মন্তব্য কৰে গাঁওবাসীয়ে

Exit mobile version