Relationship : ১৮ বছৰৰ প্ৰেমিকৰ স’তে বিয়াত বহিব ৬০ বছৰীয়া ফিটনেছ প্ৰশিক্ষক

1675759474 new project 2023 02 07t141357 849

Relationship :

বয়স ৬৪ । পেছাত ফিটনেছ প্ৰশিক্ষক। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ বাসিন্দা লেছলি ছ’চিয়েল মিডিয়াৰ তাৰকা হৈ পৰিছে। তেওঁৰ চৌপাশে অনুৰাগীসকলৰ উন্মাদনাৰ কোনো অন্ত নাই।

অৱশ্যে, তাই অলপতে তাইৰ নতুন সম্পৰ্কটো প্ৰকাশ কৰিছে। আৰু তাতেই বিয়পি পৰিছে উত্তেজনা । কেবাবছৰ আগতে বিবাহ বিচ্ছেদ হৈছিল লেছলিৰ । তেতিয়াৰ পৰাই তেওঁ নিজৰ মতে জীৱন যাপনৰ সিদ্ধান্ত ল’লে। লগতে বিচ্ছেদৰ পাছত কেবাটাও সম্পৰ্কত জড়িত হয় ।

কিন্তু কোনো সম্পৰ্কই স্থায়ী নহ’ল। ইফালে সকলো বয়সৰ পুৰুষে তেওঁক সংগী হিচাপে ল’বলৈ আগ্ৰহী। কিছুদিন পূৰ্বে লেছলিয়ে ১৮ বছৰীয়া এজন যুৱকৰ প্ৰেমত পৰে । লেছলীয়ে তেওঁৰ ইনষ্টাগ্ৰাম অনুৰাগীসকলক জনাইছে, অতি শীঘ্ৰেই তেওঁলোকৰ বিয়া হ’ব।

লেছলি আৰম্ভণিৰ পৰাই অত্যন্ত ফিটনেছ সচেতন। তেওঁ নিয়মীয়াকৈ জিমলৈ যায় । বিয়াৰ পাছত, পৰিয়ালৰ চাপৰ বাবে সেই সকলো বন্ধ হৈ গ’ল।

বৈবাহিক সম্পৰ্কৰ পৰা ওলাই অহাৰ পাছত, তেওঁ পুনৰ নিয়মীয়াকৈ জিমলৈ যাবলৈ আৰম্ভ কৰে। লেছলীয়ে বিচাৰিছিল যে বয়স বঢ়িলেও তেঁও যেন কলেজৰৰ দৰেই দেখাত হয় ।আৰম্ভ কৰে পৰিশ্ৰম । ফলো পায় হাতে হাতে।

বয়সৰ লগে লগে তেওঁৰ মুখৰ ছালখন বলিৰেখাযুক্ত হৈ পৰিছে যদিও লেছলিৰ বয়স ৬০ বছৰৰ ওপৰৰ বুলি ক’ব নোৱাৰি।

Exit mobile version