Sarbananda Sonowal :

এই উপলক্ষে এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিগত পাঁচটা বৰ্ষত ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ত্ৰিপুৰাত ৰূপায়ণ হোৱা সৰ্বাংগীণ বিকাশৰ বিভিন্ন দিশ এই ৰিপ’ৰ্টত তথ্য আকাৰে প্ৰকাশ কৰা হৈছে বুলি উল্লেখ কৰি কয়, ” প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বিশেষ গুৰুত্ব লাভ কৰাৰ উপৰি দেশৰ লগতে বিশ্বৰ বুকুতো নতুন পৰিচয় পাবলৈ সক্ষম হৈছে।
পূৰ্বৰ চৰকাৰে উত্তৰ- পূৰ্বাঞ্চলক গুৰুত্ব, আদৰ-স্নেহ, মান্যতা একোৱেই দিয়া নাছিল। কিন্তু মোদীয়ে সমগ্ৰ অঞ্চলটোক অষ্টলক্ষ্মী আখ্যা দি উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি কৰাৰ ফলশ্ৰুতিতেই এতিয়া ত্ৰিপুৰাকে ধৰি সমগ্ৰ উত্তৰ-পূবত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট উন্নীত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ নাগৰিকসকলৰ মনোবল, শক্তি বৃদ্ধি হৈছে, লগতে উপাৰ্জনো বৃদ্ধি হৈছে৷
কংগ্ৰেছে নেচনেল এজেণ্ডাত উত্তৰ-পূৰ্বাঞ্চলক একেবাৰে গুৰুত্ব দিয়া নাছিল। ইয়াৰ ফলত সমগ্ৰ অঞ্চলটো দেশৰ আন বহু অঞ্চলৰ তুলনাত বহু পিছপৰি ৰৈছিল। কংগ্ৰেছে লুক ইষ্ট প’লিচী লৈছিল যদিও একেবাৰেই বাস্তৱায়িত নকৰিলে, তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কোনোধৰণৰ সবল নীতি নল’লে৷
কিন্তু মোদী ডাঙৰীয়াই শাসনভাৰ লৈয়েই এক্ট ইষ্ট প’লিচী লোৱাৰ উপৰি ইয়াৰ ৰূপায়ণৰ দিশবোৰ নিজে তদাৰক কৰিছে। তেখেতে অন্তৰৰপৰা বিশ্বাস কৰে যে যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তেহে একোটা অঞ্চলৰ ৰূপান্তৰ সম্ভৱ৷
সেয়েহে তেখেতৰ এই দৃষ্টিভংগীৰ আঁত ধৰিয়েই ভাৰতীয় জনতা পাৰ্টিৰ দিনত ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবত ৰে’লৱে, পথ ব্যৱস্থা, বিমান পৰিবহণ, জলপথ, তথ্য-প্রযুক্তি নেটৱ’ৰ্ক যথেষ্ট উন্নত হৈছে। বিজেপি চৰকাৰৰ দিনতে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাজেটত অধিক ধন আবণ্টিত হৈছে।
ইয়াৰদ্বাৰা ত্ৰিপুৰায়ো যথেষ্ট লাভান্বিত হৈছে। ত্ৰিপুৰাৰ থলুৱা উৎপাদিত সামগ্ৰী এতিয়া দেশ-বিদেশৰ বজাৰলৈ গৈছে। সমগ্ৰ অঞ্চলটোৰ নাগৰিকসকলৰ সামাজিক সুৰক্ষা আৰু অৰ্থনৈতিক শক্তি বৃদ্ধি হৈছে। চি পি এম আৰু কংগ্ৰেছে ত্ৰিপুৰাত প্ৰায় ৫০ বছৰ ৰাজত্ব কৰিছিল, কিন্তু সমগ্র অঞ্চলটোৰ উন্নতি পিছুৱাই ৰাখি দুৰ্নীতি, ড্ৰাগছ, উগ্ৰপন্থা
আদিতে অঞ্চলটোক আবদ্ধ কৰি ৰাখিছিল। ত্ৰিপুৰাবাসীয়ে তেতিয়া বহু জীয়াতু ভুগিলে। কিন্তু মোদী ডাঙৰীয়াৰ সবল নেতৃত্ব আৰু বলিষ্ঠ নীতিৰ ফলত এতিয়া ত্ৰিপুৰাৰ লগতে উত্তৰ-পূবে মূলসুঁতিৰ সৈতে সংযোজিত হৈছে বুলি অনুভৱ কৰিব ধৰিছে। আগতে দিল্লী উত্তৰ-পূবৰপৰা বহু দূৰ বুলি অনুভৱ হৈছিল৷
মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,এতিয়া এই মনোভাব সলনি হৈছে আৰ মোদীৰ মাৰ্গদৰ্শনমৰ্মে দিল্লী নিজেই উত্তৰ-পূবৰ ওচৰলৈ আহিছে। সেয়েহে আমি নিশ্চিত, এইবাৰো বিজেপিয়েই ত্ৰিপুৰাত চৰকাৰ গঠন কৰিব। তাত কোনো দ্বিধাবোধ নাই।”
সোণোৱালে লগতে কয়, “ময়ো উত্তৰ-পূৰ্বাঞ্চলৰ৷ মই নিজে বাস্তৱ দেখিছিলোঁ যোৱা ৩০- ৪০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কংগ্ৰেছৰ কোনো ইতিবাচক দৃষ্টিভংগীয়েই নাছিল।
তেওঁলোকৰ নীতি, মনোবৃত্তি একো নাছিল। কিন্তু এতিয়া আমাৰ লগত শক্তিশালী নীতি, মনোবৃত্তি, শক্তিশালী নেতা সকলো আছে। এতিয়া ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হৈ উঠিছে আৰু মোদীজী বিশ্বনেতা হিচাপে পৰিগণিত হ’ব ধৰিছে। যিকোনো গুৰুত্বপূৰ্ণ বিষয়তে এতিয়া বিশ্বৰ সকলো দেশে ভাৰতৰ সবল দৃষ্টিভংগীলৈ বাট চাই থাকে।
বিজেপি থাকিলেহে দেশবাসী সুৰক্ষিত হৈ থাকিব আৰু উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰা দুৰন্ত গতিৰে আগুৱাই যাব৷”সংবাদমেল খনত বিজেপিৰ ৰাজহুৱা নীতি গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড° সুমিত ভাছিন, ৰাষ্ট্ৰীয় মুখপাত্রদ্বয় চৈয়দ জাফৰ ইছলাম, চৰ্দাৰ আৰ পি সিং প্ৰমুখ্যে দলীয় আন বিষয়ববীয়াসকল উপস্থিত থাকে।