Guwahati Pollution : ভয়ংকৰ প্ৰদূৰ্ষণৰ গ্ৰাসত মহানগৰী

ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ

Guwahati Pollution :

গুৱাহাটী মহানগৰীত ভয়ংকৰ প্ৰদূষণ ৷ ধূলিৰে চানি ধৰে গুৱাহাটীৰ আকাশ বতাহ । বৰষুণৰ অভাৱত ধূলিময় হৈ পৰিছে চৌপাশ।

মহানগৰ খনৰ আকাশ হৈ পৰিছে ধূসৰ । ধূলিৰে ধূসৰিত পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে । গছ-গছনি,বন- লতা,ঘৰ- দুৱাৰ সকলো ধূলিৰে আবৰি পেলাইছে ৷ এজাক বৰষুণৰ অপেক্ষাত মহানগৰবাসী ৷

যোৱা তিনিটা মাহৰ অনাবৃষ্টিৰ বাবেই ধূলিৰে ধুষৰিত হৈ পৰা মহানগৰৰ বায়ুমণ্ডল একপ্ৰকাৰ প্ৰদূষিত হৈছে ৷ মহানগৰীৰ বায়ুমণ্ডলত প্ৰদুষিত বিষয়টোক চৰকাৰে অতি গুৰুত্ব সহকাৰে লোৱাটো কামনা কৰিছে মহানগৰৰৰ সচেতন মহলে ৷

Exit mobile version