Northeast Information Commissioner Conference : অসম তথ্য আয়োগৰ ৱেবচাইট মুকলি

গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ তথ্য আয়ুক্তসকলৰ আলোচনা চক্ৰ

23d0cc17 efa2 42fc a728 b729ee9db275

Northeast Information Commissioner Conference :

অসম তথ্য আয়োগ আৰু ভাৰতৰ তথ্য আয়োগৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ দ্বাৰা আয়োজিত উত্তৰ-পূৰ্বাঞ্চলৰ তথ্য আয়ুক্তসকলৰ এখন আলোচনাচক্র আজি অসম তথ্য আয়োগৰ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয়।

অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰা আলোচনা চক্ৰখনত অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু নাগালেণ্ডৰ মুখ্য তথ্য আযুক্ত আৰু ৰাজ্যিক তথ্য আয়ুক্তসকলে অংশগ্রহণ কৰে।

তথ্য জনাৰ অধিকাৰ তথা তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া আৰু বাধ্যবাধকতা সম্পর্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ তথ্য আয়োগসমূহ একত্ৰিত হৈ তেওঁলোকে সন্মুখীন হৈ অহা সামুহিক সমস্যাসমূহ সমাধানৰ উদ্দেশ্যে এই আলোচনা চক্ৰখন আয়োজন কৰে।

এই ক্ষেত্ৰত ৰাজ্যিক তথ্য আয়োগৰ ক্ষমতা আৰু কাৰ্যপ্ৰণালী সম্পর্কে তথ্য আয়ুক্তসকলক প্রয়োজনীয় তথ্য আৰু প্ৰযুক্তিগতভাৱে সমৃদ্ধ কৰি গণতান্ত্রিক ব্যৱস্থাৰ প্রতি সন্মান জনাই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত সকলোকে সেৱা আগবঢ়াবলৈ বিধান সভাৰ অধ্যক্ষগৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানত অধ্যক্ষ গৰাকীয়ে অসম তথ্য আয়োগৰ নতুনকৈ প্ৰস্তুত কৰা ৱেবচাইট www.sicassam.in মুকলি কৰে।

অনুষ্ঠানত অসমৰ ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত ড° এ পি বাউট, ৰাজ্যিক তথ্য আয়ুক্তদ্বয় কনক চন্দ্ৰ শৰ্মা আৰু ড° সমুদ্র গুপ্ত কাশ্যপৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্য তথ্য আয়ুক্ত, তথ্য আয়ুক্ত আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।

Exit mobile version