Russia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ

1675838685 ukraine russia

Russia-Ukraine War :

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত দুয়োপক্ষই আক্ৰমণ তীব্ৰতৰ কৰি তোলে । ফলত দুয়োটা শিবিৰৰ এশৰো অধিক জোৱানৰ মৃত্যু হৈছে ।

মঙলবাৰে ইউক্ৰেইনে শেহতীয়াকৈ সংঘটিত কৰা আটাইতকৈ ডাঙৰ আক্ৰমণ বুলি দাবী কৰিছে। জেলেনস্কি প্ৰশাসনে দাবী কৰিছিল যে সেই আক্ৰমণত এহেজাৰ ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছিল।

ৰাছিয়াই অৱশ্যে ওলোটাই দাবী কৰি কয় যে তেওঁলোকৰ শিবিৰত কোনো সৈনিক নিহত হোৱা নাই। তাৰ পৰিৱৰ্তে এই মাৰাত্মক আক্ৰমণত কেবাজনো ইউক্ৰেইনৰ সৈনিকৰ মৃত্যু হয়।

আনহাতে, জাৰ্মানী, ডেনমাৰ্ক আৰু নেদাৰলেণ্ডে ৰাছিয়াৰ ক্ৰমবৰ্ধমান আক্ৰমণ প্ৰতিহত কৰিবলৈ লিঅ’পাৰ্ড টেংকৰ যোগান বৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিছে।

জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰী বৰিছ পিষ্টোৰিয়াছে মঙলবাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ ভ্ৰমণ কৰে। দীৰ্ঘদিন ধৰি ইউক্ৰেইনৰ প্ৰশাসনে লিঅ’পাৰ্ড টেংক দিবলৈ দাবী জনাই আহিছে।

সাময়িক পলম হোৱাৰ পাছত কিছুমান লিঅ’পাৰ্ড টেংক ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হয়। মঙলবাৰে জাৰ্মানীৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ ভিতৰত ইউক্ৰেইনে ৮০খন লে’পাৰ্ড টেংক লাভ কৰিব।

শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত জাৰ্মানীৰ উপাচাৰ্য ৰবাৰ্ট হিলবেকে বাইডেন প্ৰশাসনক ইউক্ৰেইনক অধিক অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী যোগান ধৰিবলৈ আহ্বান জনায়।

আমেৰিকা প্ৰশাসনৰ মতে, সেই দেশখনে ইউক্ৰেইনলৈ যি সামৰিক পেকেজ প্ৰেৰণ কৰিব, তাত দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ অন্তৰ্ভুক্ত কৰা হ’ব। পশ্চিমীয়া দেশসমূহে আশা কৰিছে যে ইউক্ৰেইনে তেওঁলোকৰ পূব দিশত ৰাছিয়াৰ লজিষ্টিকত ব্যাঘাত জন্মাব পাৰিব।

বৰদিনৰ পৰাই ৰাছিয়াই আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। এই পৰিস্থিতিত পশ্চিমীয়া শক্তিসমূহেও ইউক্ৰেইনক নতুন অস্ত্ৰ-শস্ত্ৰ গতাই দিছে। কিন্তু ৰাছিয়াই অভিযোগ কৰিছে যে আমেৰিকা আৰু ইউৰোপৰ দেশসমূহে ইউক্ৰেইনক উচটনি দি যুদ্ধখন দীঘলীয়া কৰি নিবলৈ চেষ্টা কৰিছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগুৱে মঙলবাৰে কয় যে “আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহে যুদ্ধখন টানি নিয়াৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে।”

Exit mobile version