Silchar: শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

f8c17ee0 53ab 4645 9252 5e0f279a04fa

Silchar :

শিলচৰ আৰক্ষী বৃহৎ সফলতা। বিভিন্ন মন্দিৰ আৰু ঘৰৰ পৰা চুৰি হোৱা প্ৰায় দুই কুইন্টেল তাম আৰু পিতলৰ বাচন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বুধবাৰে শিলচৰ সদৰ আৰক্ষী থানাত এখন সংবাদমেলত আৰক্ষী অধীক্ষক (এছপি) নোমল মাহাটোৱে এই কথা জানিবলৈ দিয়ে।

তেওঁ জনায় মধুবন্দৰ , বাপন সৰকাৰ আৰু আৰিফ লস্কৰৰ ঘৰৰ পৰা কেবাটাও পিতলৰ মূৰ্তি, ১২ টা মোবাইল ফোন আৰু দুটা ভিডিঅ’ কেমেৰা উদ্ধাৰ কৰা হৈছে।

গোপন সূত্ৰৰ জৰিয়তে শিলচৰৰ চামৰাগোদমত বপন সৰকাৰ আৰু আৰিফ লস্কৰৰ ঘৰৰ পৰা মালাৰ এখন মিনি ট্ৰাক জব্দ কৰা হয়।

চুৰি হোৱা সামগ্ৰীবোৰ বাপন সৰকাৰ আৰু আৰিফ লস্কৰে ক্ৰয় কৰে । আৰক্ষীয়ে ইতিমধ্যে লোক দুজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত দুই চোৰ সুজিত দাস আৰু চন্দন দাসকো গ্ৰেপ্তাৰ কৰা হৈছে । তথ্য অনুসৰি চন্দন আৰু সুজিতৰ ঘৰ শিলচৰৰ আশ্ৰম ৰোডত। দুয়োয়ে বিভিন্ন মন্দিৰৰ পৰা সামগ্ৰী চুৰি কৰিছিল।

ইয়াৰ উপৰিও, মধুৰবন্দৰ ,বাপন সৰকাৰ আৰু আৰিফ লস্কৰ । চাৰিজনক সম্প্ৰতি শিলচৰ সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে।

Exit mobile version