Nagaland BJP’s Former Minister Quits : নাগালেণ্ড বিজেপিত গৰাখহনীয়া!

দলীয় টিকট নোপোৱাৰ বাবেই প্ৰাক্তন মন্ত্ৰী সহ বহুজনৰ দলত্যাগ

fb89956d 8e5a 40af b578 fae02e3102e0 1

Nagaland BJP’s Former Minister Quits :

চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে শাসনাধিষ্ঠ এনপি পি পি আৰু বিজেপিৰ মাজত আসন বুজাপৰাৰ লগে লগে আৰম্ভ হয় নিৰ্বাচনী কুজকাৱাজ ৷

ইয়াৰ মাজতে নাগালেণ্ড বিজেপিত আৰম্ভ হয় টিকট কেন্দ্ৰীক অৰিয়াঅৰি ৷ টিকট নোপাৱাৰ বাবেই এজন প্ৰাক্তন মন্ত্ৰী দলত্যাগ কৰাই নহয় তেওঁৰ সমৰ্থনত দল এৰে বহুজনে ৷এই দলত্যাগৰ ঢৌ উঠিছে মোককচোং জিলা বিজেপিত ৷

জিলাখনৰ ২২ আৰকাকং মণ্ডল বিজেপিৰ সকলো নেতা-কৰ্মীয়ে সমূহীয়া দলত্যাগ কৰে ৷ আনহাতে দলত্যাগ কৰা নেতা-কৰ্মীয়ে যোগদান নেচনেল পিপুলছ পাৰ্টিত( এন পি পি)৷

ৰাজ্য খনত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থীত্বৰ তালিকা প্ৰকাশ কৰিছে ৷ আনকি প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে দাখিল কৰিছে নিজ নিজ মনোনয়ন পত্ৰ ৷

ইয়াৰ মাজতে মোককচোং জিলা বিজেপিত সৃষ্টি হয় ক্ষোভৰ উদ্গীৰণ ৷ জিলা খনৰ ২২ নং আৰ্কাকং বিধানসভা সমষ্টিত বাবে প্ৰাক্তন মন্ত্ৰী নুক্লুটোছিক বিজেপি দলৰ পৰা টিকট বিচাৰিছিল ৷

কিন্ত দলীয় টিকটৰ পৰা বঞ্চিত হয় নুক্লুটোছিক ৷ টিকটৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ আজি প্ৰাক্তন মন্ত্ৰী গৰাকী আৰু তেওঁৰ দলীয় সতীৰ্থবৃন্দই সমূহীয়াভাৱে যোগদান কৰে এন পি পি দলত ৷

এন পি পি দলে প্ৰাক্তন মন্ত্ৰী নুক্লুটোছিক টিকট দিয়াৰ ঘোষণা কৰে মোককচোং জিলা গোটে ৷ এন পি পিয়ে আশা ২২ নং আৰ্কাকং বিধানসভা সমষ্টিটোত নুক্লুটোছিক শক্তিশালী প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক শোচনীয়ভাৱে পৰাভূত কৰিব ৷

Exit mobile version