Dispur Police Station:
মহানগৰীৰ দিছপুৰ থানাত অঘটন ৷ থানাৰ লকআপত থকা হাজোতীৰ আত্মহত্যাৰ চেষ্টা। হাজোতী জনৰ নাম শ্বাহ আলম তালুকদাৰৰ।
উল্লেখ্য যে,আটকাধীন শ্বাহ আলম বহু চৰ্চিত পাঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ পৰিবেশক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল ৷
লকআপত থকা অৱস্থাতে ধৃত শ্বাহ আলমে শৌচালয়ৰ মগ ভাঙি তাৰ অংশৰে হাতৰ স্নায়ু কাটে ৷
পাছত তেজেৰে তুমৰলি হৈ থকা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি শ্বাহ আলম সম্প্ৰতি বিপদমুক্ত ৷