Guinness World Record:একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীয়ে বিহু নাচিব ১৪ এপ্ৰিলত

চৰকাৰৰ উদ্যোগত গিনিজ বিশ্ব অভিলেখৰ প্ৰস্তুতি

WhatsApp Image 2023 02 10 at 20.17.28

Guinness World Record:

অসমীয়াৰ বিহু নাচক বিশ্বদৰবাৰত সন্মান জনক স্থানত উপবিষ্ট কৰোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীৰ দ্বাৰা বিহূনাচ পৰিৱেশনৰ জৰিয়তে গিনিজ বিশ্ব অভিলেখৰ বাবে এক প্ৰস্তুতি চলোৱা হৈছে।

এই সন্দৰ্ভত আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

মন্ত্রী বিমল বড়াৰ লগতে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব বি ছামাল, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱাল, পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ক্ৰীড়া আৰু যুবকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি ভালে সংখ্যক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভা খনত গিনিজ বুক অৱ ৰেকৰ্ডছত বিহূনাচৰ অন্তর্ভুক্তিৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।

এই আয়োজনৰ বাবে সংস্কৃতিক মন্ত্রী বিমল বড়া, পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু শিক্ষা মন্ত্ৰী ডা০ৰণোজ পেগুকলৈ চাৰিজনীয়া মন্ত্রী গোট এটি গঠন কৰি দিয়া হৈছে।

তদুপৰি বিমলা গগৈ, সোমনাথ বড়া ওজা, অনিল শইকীয়া, প্ৰসন্ন গগৈ, মাধুৰীমা চৌধুৰী, প্ৰবীণ কুমাৰ শইকীয়া, জয়ন্ত সোণোৱাল, স্মৃতি ৰেখা শইকীয়া, মহেন্দ্র চুতীয়া, প্ৰদীপজ্যোতি নেওগ, ৰঞ্জিত গগৈ আৰু সুদৰ্শন ঠাকুৰকলৈ এখনি বিশেষজ্ঞ সমিতিও গঠন কৰি দিয়া হৈছে ৷

দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকি প্ৰত্যক্ষ কৰিব লগা অভিলেখ সৃষ্টিকাৰী এই বিহূ নাচ যাতে সঠিক ৰূপত উপস্থাপন কৰিব পৰা যায় সেই বিষয়ে বিশদ ভাৱে সভাত আলোচনা কৰা হয়।

অহা ১৪ এপ্ৰিলত অভিলেখৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্থাপন হ’ব লগা বিহূ নাচৰ বাবে ১০ হেজাৰ বিহূৱা আৰু বিহূৱতীক ৰাজ্যৰ বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

ইয়াৰ বাবে জিলা পৰ্যায়ত ১মাৰ্চৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰশিক্ষক সকলক অহা ২০,২১আৰু ২২ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ দিয়া হব।

সাত হেজাৰ নাচনী আৰু তিনি হেজাৰ বিহূৱাই অংশ গ্ৰহণ কৰিব লগা এই বিহূ নাচ ১৫ মিনিটৰ বাবে পৰিৱেশন কৰা হ’ব।
বিহূৱা আৰু বিহূৱতীয়ে পৰম্পৰাগত ভাৱে পৰিৱেশন কৰিবলগীয়া নাচ তথা পৰিধান কৰিব লগা সাজ- পাৰৰ পৰা আৰম্ভ কৰি বাদ্য, অলংকাৰ আদিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়।

সভাত দৃশ্য শ্ৰব্য মাধ্যম যোগে প্ৰদৰ্শন কৰিব লগা বিহূনাচৰ এক নমুনাও প্ৰদৰ্শন কৰা হয়। সভাত  মন্ত্রী আৰু বিষয়া সকলৰ লগতে ইয়াৰ বাবে গঠন কৰি দিয়া কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সকলো উপস্থিত আছিল।

Exit mobile version