Guwahati High Court Judgement:অনুকম্পামূলক নিযুক্তি সম্পৰ্কত অসম চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা

WhatsApp Image 2023 02 10 at 12.53.39

Guwahati High Court Judgement:

গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গোচৰৰ গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি অসম চৰকাৰলৈ জাৰি কৰিছে বিশেষ নিৰ্দেশনা
ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰে য়ে ২০১৭ বৰ্ষলৈকে নিযুক্তিৰ পৰা বঞ্চিত হৈ থকা সংশ্লিষ্ট প্ৰাৰ্থী সকলৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷

এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে। অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা এই নতুন নিৰ্দেশনাত কোৱা হৈছে যে, ২০১৭ চনলৈকে নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

উল্লেখ্য যে, ২০১৫ চনত সেই সময়ৰ সৰ্বানন্দ সোনোৱাল চৰকাৰে অনুকম্পামূলক নিযুক্তিৰ ব্যৱস্থা তৎকালীনভাৱে বাতিল কৰিছিল। যাৰ ফলস্বৰূপে ১৭ গৰাকীকৈ অনুকম্পামূলক প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হয় ৷

পৰৱৰ্তী সময়ত বঞ্চিত প্ৰাৰ্থী সকলে কাষ চাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ ন্যায়ালয়ত সুদীৰ্ঘ সময় শুনানি গ্ৰহণ কৰাৰ অন্তত ন্যায়ালয়ে অৱশেষত বঞ্চিত প্ৰাৰ্থীৰ পক্ষত ৰায় প্ৰদান কৰি শীৰ্ঘেই নিযুক্তি দিলৈ নিৰ্দেশনা প্ৰদান কৰে অসম চৰকাৰক ৷

Exit mobile version