India Oparation Dost : তুৰস্কত ভাৰতীয় উদ্ধাৰকাৰী দলৰ সাফল্য

ধ্বংসস্তুপৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ এটি কণমানি শিশু 

bd00af53 2d90 41b3 9c61 8f56d15c9e20

India Oparation Dost :

ভয়ংকৰ ভূমিকম্পত বিধ্বস্ত হোৱা তুৰস্কক সহায় আগবঢ়োৱাৰ বাবে তৎপৰ হৈ পৰে কেন্দ্ৰীয় চৰকাৰ ৷ ধ্বংসস্তূপত পৰিণত হোৱাৰ পাছতে ভাৰত চৰকাৰে উদ্ধাৰ অভিযানত সহায় হোৱাকৈ ততাতৈয়াকৈ প্ৰেৰণ কৰে এছ ডি আৰ এফৰ ১৫২ জনীয়া বৃহৎ দল ৷

একেদৰে ৩০ খন বিচনাযুক্ত ফিল্ড হাস্পতাল স্থাপনৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে প্ৰেৰণ কৰে চিকিৎসা বিশেষজ্ঞৰ বিশেষ দল ৷

ইতিমধ্যে সেনাৰ বিশেষ বিমান উপস্থিত হয় ভূমিকম্প বিধস্তস্থলীত ৷ চিকিৎসা দলটোৱে লগত নিয়ে বৃহৎ পৰিমাণৰ চিকিৎসা সামগ্ৰী আৰু খাদ্য সামগ্ৰী ৷

আনহাতে ভূমিকম্প হোৱাৰ ২৪ ঘন্টাৰ ভিতৰতে তুৰস্কক উপস্থিত হোৱা এছ ডি আৰ এফৰ দলটোৱে কালি গাজিয়ান্তেপ প্ৰদেশৰ নুৰদাগী চহৰৰ ধ্বংসস্তূপত অভিযান চলাই জীৱন্তে উদ্ধাৰ কৰে এগৰাকী আঠ বছৰীয়া শিশুক ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰেও জীৱন্তে উদ্ধাৰ কৰে এটি ছয় বছৰীয়া শিশু ৷ সাত ফেব্ৰুৱাৰীৰ বিয়লি ভাগৰ পৰা অব্যাহত থকা অভিযানত শনিবাৰৰ দুপৰীয়া ভাগলৈকে ভাৰতীয় অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে ২২টা মৃতদেহ ৷

মনকৰিবলগীয়া যে,তুৰস্ক আৰু চিৰিয়াত সংঘটিত হোৱা ভূমিকম্পৰ পাছতেই দুই দেশক সহায়ৰ বাবে ভাৰতে আৰম্ভ কৰিছে ‘অপাৰেশ্বন ডোষ্ট’ শীৰ্ষক অভিযান ৷

Exit mobile version