Love and Commitment : বিপদত কাষত থাকিব বিচাৰে , কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন পত্নীক দ্বিতীয়বাৰ বিয়া কৰালে যুৱকে

1676109515 wedding 1 1

Love and Commitment :

কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন পত্নীক পুনৰ বিয়া কৰিলে এজন যুৱকে । ঘটনাটো সংঘটিত হৈছে চীনৰ ছাংহাই প্ৰদেশত । এসময়ত দুয়োৰে মাজত দাম্পত্য বিভেদ হৈছিল । যাৰ ফলত দুয়োজনে তেওঁলোকৰ নিজৰ পথ বাছি লৈছিল।

যুৱকজনৰ এই অবিশ্বাস্য সিদ্ধান্তই প্ৰমাণ কৰে যে বিচ্ছেদৰ পাছতো তেওঁ প্ৰাক্তন পত্নীক মনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰিলে।

অচিনাক্ত যুৱকজনে তেওঁৰ প্ৰাক্তন পত্নীদুৰাৰোগ্য ‘প্লাষ্টিক ৰক্তহীনতা’ বা এক প্ৰকাৰৰ ৰক্ত কৰ্কট ৰোগত আক্ৰান্ত বুলি গম পোৱাৰ দিনাই তেওঁৰ কাষত থকাৰ সিদ্ধান্ত লয়।

মানসিক ভাৱে কাষত থাকিলেও বিচ্ছেদৰ পাছত, পত্নীৰ সকলো বিষয়ত স্বামী হিচাপে পৰিচয় দিয়াৰ অধিকাৰ নাথাকে ।

প্ৰয়োজন হয় আইনী পৰিচয়ৰ । সেয়েহে কৰ্কট ৰোগৰ চিকিৎসা আৰম্ভ হোৱাৰ আগতে, তেওঁ পুনৰ বিয়া কৰালে কাগজে কলম পৃথক হোৱা পত্নীক।

ছ’চিয়েল মিডিয়াত বিয়পি পৰা প্ৰেমৰ এই কাহিনীটোৱে বহুতৰ হৃদয় স্পৰ্শ কৰিছে। চিকিৎসাৰ পাছত পৰিণামবোৰ জনা স্বত্বেও, সকলোৱে যুৱকজনক তেওঁৰ প্ৰাক্তন পত্নীক পুনৰ বিবাহ কৰাৰ সিদ্ধান্তৰ বাবে অভিনন্দন জনাইছিল। তেওঁলোকৰ বিবাহৰ দীঘলীয়া জীৱনৰ শুভেচ্ছা জনাই প্ৰেমে উপচাই তুলিলে শুভাকাংক্ষীসকলে ।

Exit mobile version