Wedding : বলিউডত আন এখন বিয়াৰ চৰ্চা

বিয়াত বহিব কৃতি ছানন আৰু প্ৰভাস !

Prabhas Kriti Sanon

Wedding :

ADVERTISEMENT

এইবাৰ বিয়াত বহিব নেকি অভিনেত্রী কৃতি ছানন আৰু প্রভাস? বলিউডত এতিয়া বিয়াৰ বতৰ। কিয়াৰা আৰু সিদ্ধাৰ্থৰ বিবাহৰ পাছত এইবাৰ গুজৱ উলাইছে যে দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু বলিউডৰ অভিনেত্রী কৃতি ছাননৰ মাজত বিবাহপাশত আৱদ্ধ হ’ব।

দুয়োৰে মাজত আঙঠি পিন্ধোৱা পৰ্বও শেষ হৈছে। অতি সোনকালে দুই তাৰকাই এংগেজমেন্ট কৰিবলৈ ওলাইছে। কিন্তু এই গুজৱ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ‘বাহুবলী’ৰ তাৰকা প্রভাসৰ টিমে।

কৃতিয়েও নিজেই মুখ নেমেলিলেও ছ’চিয়েল মিডিয়াত এটা ইংগিতপূর্ণ পোষ্ট দিলে। কৃতিয়ে ইনষ্টাগ্ৰামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় টেলিভিছন প্রেজেণ্টাৰ অপ্ৰা উইনফ্ৰেৰ এটা ৰিল শ্বেয়াৰ কৰে।

সেই ৰিলটোত অপ্রাই কয়, ‘যদি আপুনি আশা কৰে যে আপুনি কোনো এটা পৰিস্থিতিত কৰিব পৰা কামটো আনেও কৰিব পাৰে, তেন্তে আপুনি নিজেই হতাশ হ’ব। প্রত্যেকৰে নিজৰ নিজৰ ধৰণ আছে, তাক তেনেকৈয়ে গ্ৰহণ কৰিব লাগিব।’

ছ’চিয়েল মিডিয়াত অপ্ৰাৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰি কৃতিয়ে বুজাই দিয়ে যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বক্তব্যৰ স’তে সম্পূর্ণ একমত। অনুৰাগীসকলে ধাৰণা কৰিছে তেওঁৰ প্ৰেম-বিবাহৰ জল্পনা-কল্পনাৰ উত্তৰ দিবলৈকে এই পদক্ষেপ লোৱা হৈছে।

‘আদিপুৰুষ’ ছৱিখনত কৃতি আৰু প্ৰভাসে একেলগে কাম কৰিছিল৷ তাৰ পৰাই আৰম্ভ হৈছিল প্ৰেমৰ গুজৱ। অৱশ্যে দুয়োৱে কেতিয়াও ৰাজহুৱাভাৱে সম্পৰ্কত থকাৰ কথা স্বীকাৰ কৰা নাই।

Exit mobile version