Khagen Gogoi Passes Away : প্ৰাক্তন আছু নেতা খগেন গগৈৰ আকস্মিক বিয়োগ

আছুৰ কাৰ্যালয়ত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

6e51e1ba 927a 4da9 b7d2 997189224da8

Khagen Gogoi Passes Away :

ছাত্ৰ আন্দোলনৰ পৰা সাহিত্য– সংস্কৃতি জগতলৈ আজীৱন সেৱা আগবঢ়াই যোৱা প্ৰাক্তন আছু নেতা তথা লখিমপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক খগেন গগৈৰ (৫৬) শনিবাৰে হৃদ ৰোগত আক্ৰান্ত হৈ আকস্মিক মৃত্যু ঘটে।

প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চিমেন চাপৰি চেৰেণ পথাৰত অনুষ্ঠিত হৈ থকা ৯২ সংখ্যক অধিৱেশনৰ পৰা ঘৰলৈ উভতাৰ পথত ধেমাজি তিনিআলিত নিশা ৯.৩০ মিনিটত হঠাৎ অসুস্থ হৈ আকস্মিক মৃত্যুক সাৱটি লয়।

সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি সাহিত্য- সংস্কৃতিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা প্ৰয়াত খগেন গগৈক লখিমপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য ধণমণি দত্তই কয়, আছুৱে অভিভাৱক স্বৰূপ এজন নেতাক হেৰুৱালে। সদৌ লখিমপুৰ ছাত্ৰ সন্থাই তেওঁক সদায় শ্ৰদ্ধাৰে সুঁৱৰিব।

অনুষ্ঠানটোত আছুৰ অন্যান্য কৰ্মকৰ্তাৰ লগতে  স্থানীয় বিধায়ক মানৱ ডেকাসহ অন্যান্য গুণমুগ্ধ ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰয়াত গগৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সদস্য, লখিমপুৰ জিলা সম্পাদক, তথা অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল।

Exit mobile version