Female Examinee Detained:স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড আটক

মহিলা পৰীক্ষাৰ্থী সহ স্বামীক আটক,লখিমপুৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ম'বাইলৰে প্ৰশ্ন কাকত ভাইৰেলৰ অভিযোগ

WhatsApp Image 2023 02 13 at 14.14.34

Female Examinee Detained:

স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ এগৰাকী মহিলা আৰু তেওঁৰ স্বামী ৷ ধৃত মহিলা গৰাকী স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ নিযুক্তিৰ লিখিত পৰীক্ষাত লখিমপুৰ কেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈছিল ৷

দেওবাৰে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ দিনাই পৰীক্ষাগৃহৰ পৰাই ফাদিল হৈছিল প্ৰশ্ন কাকতখন ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ খৰটকীয়া তদন্তত মহিলা পৰীক্ষাৰ্থী গৰাকীয়ে প্ৰশ্নকাকত ফাদিল কৰাটো নিশ্চিত হোৱাৰ পাছতে মৰিগাঁও জিলাৰ মৈৰাবাৰীত নাছমা বেগম নামৰ প্ৰাৰ্থী গৰাকীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷

মৰিগাঁৱৰে গুণাইবড়িৰ বাসগৃহৰ পৰাই আটক কৰে মৰিগাঁও আৰক্ষীয়ে ৷ আৰক্ষীয়ে ধৃত মহিলা গৰাকীক প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড বুলি নিশ্চিত কৰিছে ৷

ইতিমধ্যে আটকাধীন মহিলা গৰাকী আৰু তেওঁৰ স্বামীক জিন্মাত ল’বৰ বাবে লখিমপুৰ আৰক্ষী মৰিগাঁওত উপস্থিত হোৱাৰ কথা ৷

Exit mobile version