The Mysterious Death Of The Popular YouTuber: জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লীনাৰ ৰহস্যজনক মৃত্যু

শৰীৰত আঘাতৰ চিন স্পষ্ট,পিতৃ- মাতৃক নজনোৱাকৈ শেষকৃত্যৰ সম্পন্নৰ চেষ্টা স্বামীৰ,সন্দেহত স্বামী পংকজ নাথক আটক আৰক্ষীৰ

WhatsApp Image 2023 02 13 at 14.44.27

The Mysterious Death Of The Popular YouTuber:

মহানগৰীৰ বামুনীমৈদামত চাঞ্চল্যকৰ ঘটনা ৷ বঙাইগাঁওৰ জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়লীনা নাথ ৰহস্যজনক মৃত্যু ৷ বামুনীমৈদামস্থ ভাড়াঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ ইউটিউবাৰ গৰাকীৰ ৷ প্ৰিয়লীনাৰ দেহৰ কেইবাটাও স্থানত স্পষ্ট আঘাতৰ চিন ৷

তিনিমাহ পূৰ্বে বামুনীমৈদামৰ পংকজ নাথৰ স’তে হৈছিল কৰ্ট মেৰেজ ৷ বামুনীমৈদামত আছে পংকজ নাথৰ এখন ফাৰ্মাচী ৷ পংকজ নাথৰ ভাড়া ঘৰতে মৃত অৱস্থাত উদ্ধাৰ হৈছিল ‘চাংকি ভ্লগাৰ’ৰ ইউটিউবাৰ গৰাকী ৷

উল্লেখ্য যে,প্ৰিয়লীনাৰ মৃত্যুৰ খবৰ নিদিয়াকৈ শেষকৃত্য সম্পন্নৰ চেষ্টা ৷ প্ৰিয়লীনাৰ পৰিয়ালৰ অভিযোগ পংকজ নাথেই পৰিকল্পিতভাৱে হত্যা কৰিছে ইউটিউবাৰ গৰাকীক ৷

ইতিমধ্যে পংকজ নাথক চানমাৰি আৰক্ষীয়ে আটক কৰিছে ৷ আনহাতে মৰনোত্তৰ পৰীক্ষাৰ অন্তত প্ৰিয়লীনাৰ মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়ে আৰক্ষীয়ে ৷

Exit mobile version